fbpx
অসম

বাল্য বিবাহৰ গোচৰত আমছুৰ উপ-সভাপতি আনাৰুল ইছলামক গ্ৰেপ্তাৰ…

এইবাৰ বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ আমছুৰ উপ-সভাপতি আনাৰুল ইছলাম।

এগৰাকী ১৬ বছৰীয়া কিশোৰীক বিয়া কৰোৱাৰ অভিযোগত ছাত্ৰ সংগঠনটোৰ নেতাজনক লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

লখিমপুৰৰ বঙালমৰাৰ পৰা গ্ৰেপ্তাৰ আমছু নেতাজনক৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতে বৃহস্পতিবাৰৰ নিশাৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা বাল্য বিবাহৰ বিৰুদ্ধে অভিযানত দুহেজাৰৰো অধিক লোক গ্ৰেপ্তাৰ হৈছে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজ্যজুৰি বাল্য বিবাহক লৈ অসম আৰক্ষীয়ে গ্ৰহণ কৰা কঠোৰ পৰিস্থিতিক অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে আমছুৱেও সমৰ্থন আগবঢ়াইছিল।

Related Articles

Back to top button