বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ একছন আৰম্ভ হোৱাৰ পাছতেই গ্ৰেপ্তাৰৰ ভয়ত বহিঃৰাজ্যলৈ পলায়নৰ চেষ্টা।
কেৰালা অভিমুখী এখন বাহন জব্দৰ লগতে আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে বাহনখনত থকা ৫৮জনকৈ লোকক।
বাল্য বিবাহৰ অপৰাধত অভিযুক্ত বহু লোকক বৃহস্পতিবাৰে নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ মাজতে নগাঁৱৰ ৰূপহী, জুৰীয়া, চামগুৰি আদি অঞ্চলৰ বহু লোকে ট্ৰেভেলাৰ, বাছ আদি ভাড়া কৰি কেৰালালৈ পলায়ন কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে।
এই খবৰৰ ভিত্তিতে ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিৰ কুমাৰ ৰয়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই বৃহস্পতিবাৰে নিশা ৰূপহীৰ পৰা কেৰালা অভিমুখী এখন ট্ৰেভেলাৰ বাছ জব্দ কৰাৰ লগতে ৫৮ গৰাকী লোকক সোধপোছৰ বাবে আটক কৰিছে।
আৰক্ষীয়ে কেৰালা অভিমুখে যাত্ৰা কৰা লোকসকলৰ জেৰা অব্যাহত ৰাখিছে।
ইয়াৰ মাজৰ পৰা বহুকেইজনক বাল্যবিবাহৰ অপৰাধত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।