অসম
বাল্য বিবাহক লৈ চলি থকা অভিযান মুছলমান বিৰোধীঃ বদৰুদ্দিন আজমল…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ তীব্ৰতৰ অভিযান।
বাল্য বিবাহৰ গোচৰত এতিয়ালৈকে ২ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
কিন্তু বাল্যবিবাহৰ এই অভিযানক লৈ প্ৰশ্ন উত্থাপন কৰিছে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে।
ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে আৰক্ষীৰ এই সমগ্ৰ কাৰ্যক মুছলমান বিৰোধী বুলি অভিহিত কৰে।
আজমলে কয়- ‘১৮ বছৰ বয়সৰ পূৰ্বে বিবাহ হ’ব নালাগে। আমিও ইয়াৰ পক্ষত আছো, কিন্তু চৰকাৰে যি কৰি আছে সেয়া গ্ৰহণযোগ্য নহয়। ই একেবাৰে মুছলমান বিৰোধী।বাল্য বিবাহ বিৰোধী অভিযানত গ্ৰেপ্তাৰ হোৱা লোকৰ ৯০ শতাংশই মুছলমান।’
দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ বাবেই বিজেপি শাসিত ৰাজ্যসমূহত হিন্দু-মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি আৰম্ভ কৰা বুলিও গুৰুতৰ অভিযোগ আনে সাংসদ আজমলে।