fbpx
অসম

বাল্যবিৱাহ বিৰোধী অভিযানৰ মাজতে অঘটন! মৃত্যুক সাৱটিলে ৯মহীয়া অন্তঃসত্ত্বা নাবালিকাই, দুজনক গ্ৰেপ্তাৰ…

বাল্যবিৱাহ বিৰোধী অভিযানৰ মাজতে অঘটন।

প্ৰসৱ বেদনাত ছটফটাই মৃত্যুক সাৱটিলে এগৰাকী ৯মহীয়া অন্তঃসত্ত্বা নাবালিকাই।

যোগীঘোপাৰ কাবাইটাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

জানিব পৰা ঘৰতে ১৬ বছৰীয়া নাবালিকাগৰাকীক সন্তান প্ৰসৱ কৰোৱাৰ চেষ্টা চলাইছিল পৰিয়ালৰ লোকে।

কিন্তু বিফল হোৱাত দেওবাৰে সংকটজনক অৱস্থাত নাবালিকাগৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।

পিছে মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নাবালিকাগৰাকীয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে স্বামী ছাহিনুৰ আলী, পিতৃ আয়নাল হকক গ্ৰেপ্তাৰ কৰিছে।

এবছৰৰ পূৰ্বে ছাহিনুৰৰ সৈতে বিবাহ সম্পন্ন হৈছিল নাবালিকাগৰাকীৰ।

Related Articles

Back to top button