বাল্য বিবাহক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।তাৰ মাজতে আজি টুইটাৰ হেণ্ডেলৰ জৰিয়তে কোন জিলাত কিমান অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰা হ’ব তাৰ এখন তালিকা প্ৰকাশ কৰিছে।
ইয়াৰ মাজতে বাল্যবিবাহ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ কয়- বাল্যবিবাহৰ বলি হোৱা কিশোৰীৰ পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিব চৰকাৰে। শিক্ষা ব্যৱস্থাৰ মাজলৈ ঘূৰাই লৈ যোৱাৰ চেষ্টা কৰা হ’ব।
লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অৰুণোদয় আঁচনি, বিনামূলীয়া চাউল আদিৰ তৎক্ষণাৎ ব্যৱস্থা কৰা হ’ব। স্বামীক গ্ৰেপ্তাৰ কৰাৰ লগে লগে যাতে কইনা গৰাকী বিপদত নপৰে সেয়াও লক্ষ্য ৰখা হ’ব, ৰাজ্য চৰকাৰে সূক্ষ্মভাৱে এই বিষয়টো চাব।
‘অসমত বছৰি প্ৰায় ৫০ হাজাৰ বাল্যবিবাহ হোৱাৰ আশংকা আছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
তেওঁ কয়- নামনি অসমত বছৰি হোৱা বিয়াৰ ৪০ শতাংশ বিয়া বাল্যবিবাহ’৷
ইপিনে, আগন্তুক বাজেটত এই ক্ষেত্ৰত পুঁজিও ধাৰ্য্য কৰা হ’ব বুলি বিজেপিৰ কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰীৰ।
উল্লেখ্য যে, ৰাজ্যৰ আৰক্ষী থানাসমূহত ৪ হাজাৰৰো অধিক বাল্য বিবাহৰ গোচৰ পঞ্জীয়ন হৈ আছে। এই গোচৰৰ বিৰুদ্ধে ৩ ফেব্ৰুৱাৰী, শুকুৰবাৰৰ পৰা অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব।