Skip to toolbar
Mon. Sep 21st, 2020

৩০ ছেপ্তেম্বৰত হ’ব দশক দশক ধৰি চলি থকা বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ চুড়ান্ত ৰায়দান।

২৮ বছৰ পূৰ্বে ১৯৯২ চনৰ ৬ ডিচেম্বৰত সংঘটিত হৈছিল বাবৰি মছজিদ ধ্বংসৰ ঘটনা।

উক্ত গোচৰৰ চূড়ান্ত ৰায়দানৰ সময়ত আদালতত উপস্থিত থাকিবলৈ বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানীকে ধৰি গোচৰটোৰ ৩২জন মুখ্য অভিযুক্তক হাজিৰ থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

আটাইকেইজনে সোঁশৰীৰে চিবিআইৰ আদালতত হাজিৰ হ’ব লাগিব।

চিবিআইৰ ন্যায়াধীশ এছ কে যাদৱৰ আদালতে গোচৰটো সন্দৰ্ভত ৰায়দান কৰিব।

উল্লেখ্য যে, বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ ৰায় ৩০ ছেপ্তেম্বৰৰ ভিতৰত দিবলৈ চিবিআইৰ বিশেষ আদালতক কাঢ়া নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে।

অভিযুক্তসকলৰ ভিতৰত অন্যতম জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানী, মুৰুলী মনোহৰ যোশী, ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল কল্যাণ সিং, সেই সময়ৰ বিজেপিৰ অন্যতন নেত্ৰী ওমা ভাৰতী।