বান সাহায্য! মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অ’এনজিচিৰ ৭.৫ কোটি টকাৰ অনুদান…

লিয়া বানে সৰ্বস্বান্ত কৰি গ’ল ৰাজ্যবাসীক।

উজনি কি নামনি সকলোতে বানপানীৰ ভয়াৱহ পৰিস্থিতি।

বানপানীৰ কবলত পৰি ঘৰবাৰী হেৰুৱাই আলৈ আথানি নোহোৱা হৈ পৰিছে বহু লোকৰ।

ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বহু বিশিষ্ট লোকে অসমলৈ আগবঢ়াইছে সহায়ৰ হাত।

image 59
বান সাহায্য! মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অ’এনজিচিৰ ৭.৫ কোটি টকাৰ অনুদান... 3

এইবাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অ’এনজিচিয়ে আগবঢ়াইছে ৭.৫ কোটি টকাৰ  অনুদান।

বানপীড়িত জনসাধাৰণক সাহায্য আৰু পুনৰসংস্থাপনৰ কামত সহায় কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এই অনুদান আগবঢ়াইছে।

অ’এনজিচিৰ চিএমডি ড০ অলকা মিট্টাল, উপকূলীয় সঞ্চালক অনুৰাগ শৰ্মাৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উক্ত সাক্ষাত কালত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিযুক্তি ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে৷ 

image 60
বান সাহায্য! মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অ’এনজিচিৰ ৭.৫ কোটি টকাৰ অনুদান... 4

বানপানীৰ ফলত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালৰ সহায় হোৱাকৈ সাহায্য প্ৰদান কৰে।