বান সাহায্য প্ৰদানৰ বাবে মন্ত্ৰীসকলক জিলা ভিত্তিত দায়িত্ব দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

বান সাহায্য প্ৰদানৰ বাবে মন্ত্ৰীসকলক জিলা ভিত্তিত দায়িত্ব দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বানৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰসমূহ মেৰামতিৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে সাহায্য।
অহা ৭ আগষ্টৰ ভিতৰত প্ৰদান কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মন্ত্ৰীসভাৰ প্ৰতিজন মন্ত্ৰীক এই সন্দৰ্ভত নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
শনিবাৰে এই সন্দৰ্ভত নিৰ্দেশনা প্ৰদান কৰি জিলা ভিত্তিত মন্ত্ৰীসকলক দায়িত্ব প্ৰদান কৰে।
সেই অনুসৰি জ্যেষ্ঠ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক বৰাকৰ হাইলাকান্দি জিলাৰ দায়িত্ব, বিমল বৰাক কৰিমগঞ্জৰ আৰু জয়ন্ত মল্ল বৰুৱাক কাছাৰৰ দায়িত্ব দিয়া হৈছে।
আনহাতে হোজাইৰ বাবে কেশৱ মহন্ত, নগাঁৱৰ বাবে অতুল বৰা, দৰং আৰু কামৰূপৰ বাবে চন্দ্ৰমোহন পাটোৱাৰী, ওদালগুৰিৰ বাবে ইউ জি ব্ৰহ্ম, তামুলপুৰৰ বাবে সঞ্জয় কিষাণ, নলবাৰীৰ বাবে নন্দিতা গাৰ্লোছাক দায়িত্ব প্ৰদান কৰা হৈছে।
ইপিনে বাক্সাৰ বাবে যোগেন মহন, বঙাইগাঁৱৰ বাবে ৰঞ্জিত কুমাৰ দাস, বৰপেটা আৰু বজালীৰ বাবে ডা° ৰণোজ পেগু, পিযুষ হাজৰিকাক মৰিগাঁও, শোণিতপুৰৰ বাবে অজন্তা নেওগ আৰু ধুবুৰীৰ বাবে মন্ত্ৰী অশোক সিংহলৰ দায়িত্ব প্ৰদান কৰা হৈছে।