বান সাহায্যৰ বাবে অহা চাউল, দাইল, চাপৰৰ বস্তা আত্মসাৎ! সৰ্থেবাৰীত আটক ২ মণ্ডল

নিউজ ডেস্কঃ ৰাজ্যজুৰি বানৰ সংহাৰী ৰূপ অব্যাহত আছে এতিয়াও। বানত গৃহহাৰা হৈ পৰিছে হাজাৰ হাজাৰ পৰিয়াল। লাখ লাখ লোকে নিজৰ ঘৰ-বাৰী এৰি বান শিৱিৰত আশ্ৰয় ল’বলগীয়া হৈছে। এনে পৰিস্থিতিত এটোপাল খোৱাপানী, এমুঠি ভাতৰ বাবেও সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ।

অসমৰ এনে ভয়ংকৰ বান পৰিস্থিতিত বন্যাৰ্তৰ প্ৰতি চৰকাৰ কিম্বা আন আন সংস্থা, ব্যক্তিবিশেষে সহায়ৰ হাত আগবঢ়াইছে ঠিকেই, কিন্তু বান সাহায্য বিতৰণৰ নামত সংঘটিত ভীষণ দুৰ্নীতিৰ বাবে এতিয়াও বন্যাৰ্তৰ তথৈবচ অৱস্থা।

শেহতীয়াকৈ বৰপেটা জিলাৰ সৰ্থেবাৰীত বান সাহায্য বিতৰণৰ নামত ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বৰ্তমানো প্লাৱিত হৈ থকা সৰ্থেবাৰীত বন্যাৰ্তৰ বাবে অহা সাহায্য বিতৰণ কৰাৰ পৰিবৰ্তে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে দুগৰাকী মণ্ডলৰ বিৰুদ্ধে।

সৰ্থেবাৰী ৰাজহ চক্ৰত কৰ্মৰত কান্তেশ্বৰ ডেকা আৰু অজিত ডেকাই বান সাহায্যৰ নামত অহা চাউল, দাইল, চাপৰ আদি নিজে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।

image 2022 06 28 11 56 44
বান সাহায্যৰ বাবে অহা চাউল, দাইল, চাপৰৰ বস্তা আত্মসাৎ! সৰ্থেবাৰীত আটক ২ মণ্ডল 2

ইফালে মণ্ডল দুজনে সোমবাৰে সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা এখন ই-ৰিক্সাত বন্যাৰ্তৰ বাবে অহা চাউল, দাইল আৰু চাপৰৰ বস্তা ঘৰলৈ নি থকাৰ সময়তে ৰাইজৰ দলৰ সদস্য আৰু স্থানীয় লোকে মিলি জব্দ কৰে ই-ৰিক্সাখন।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কান্তেশ্বৰ ডেকাই ই-ৰিক্সাৰে বান সাহায্যখিন তেওঁৰ ব্যাসকুছিৰ ঘৰলৈ লৈ নি থকাৰ মাজতে মণ্ডল অজিত ডেকাৰ বেঙাপাৰাস্থিত ঘৰত নমাই থৈ যায় দুই বস্তা দাইল আৰু তিনি বস্তি চাপৰ।

এই বিষয়ে খবৰ লাভ কৰি ৰাইজৰ দলৰ সদস্য আৰু স্থানীয় লোকে মণ্ডল অজিত ডেকাৰ ঘৰত তালাচী চলাই দাইল আৰু চাপৰৰ বস্তা কেইটা উদ্ধাৰ কৰে। তাৰ পিছতে স্থানীয় ৰাইজে বান সাহায্য কঢ়িওৱা ই-ৰিক্সাখনো জব্দ কৰি সৰ্থেবাৰীলৈ উভতাই আনে।

এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত ঘটনাস্থলীত চক্ৰ বিষয়া ত্ৰিদিৱ কুমাৰ কোঁৱৰ উপস্থিত হৈ স্থানীয় লোকৰ সৈতে মিলিত হৈ ঘটনাৰ বুজ লয়। ইতিমধ্যে সৰ্থেবাৰী আৰক্ষী থানাত কান্তেশ্বৰ ডেকা আৰু অজিত ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আটক কৰা হৈছে।

দুয়োজন দুৰ্নীতিগ্ৰস্ত মণ্ডলক চাকৰিৰ পৰা নিলম্বন কৰা হ’ব বুলিও জানিবলৈ দিয়ে চক্ৰ বিষয়া ত্ৰিদিৱ কুমাৰ কোঁৱৰে। আনহাতে বান সাহায্য বিতৰণৰ নামত সংঘটিত এই কেলেংকাৰীত এছ কে মাণিক তালুকদাৰৰ নামো সাঙোৰ খাই পৰিছে।