নিউজ ডেস্কঃ উত্তৰ-পূবত হৈ থকা ধাৰাসাৰ বৰষুণৰ পিছতে বানে পুনৰ ধাৰণ কৰিছে সংহাৰী ৰূপ।
অসমৰ লগতে এতিয়া মেঘালয়তো বান আৰু ভূমিস্খলনত ইতিমধ্যে গৃহহাৰা হৈ পৰিছে কেইবাশতাধিক পৰিয়াল।
বৃহস্পতিবাৰে গাৰো পাহাৰত বানৰ তাণ্ডৱৰ লগতে ভূমিস্খলনে আতংকৰ সৃষ্টি কৰে।
গাৰো পাহাৰৰ বিভিন্ন প্ৰান্তত হোৱা ভূমিস্খলনৰ ফলত বৃহস্পতিবাৰে পুৱা একেটা পৰিয়ালৰ তিনিজন সদস্য আৰু এটি শিশুৰ মৃত্যু ঘটে।
জানিব পৰা মতে, পুৱা পশ্চিম গাৰো পাহাৰৰ গাম্বেগ্ৰে ব্লক অঞ্চলত সংঘটিত ভূমিস্খলনত মাতৃ আৰু পুত্ৰ-কন্যাই একেলগে প্ৰাণ হেৰুৱায়।
নিহত সকলক প্ৰতীশ মাৰাক, তেওঁৰ পুত্ৰ অলমষ্ট মাৰাক আৰু কন্যা আয়েনবে মাৰাক বুলি চিনাক্ত কৰা হৈছে।
ইফালে দক্ষিণ পশ্চিম গাৰো পাহাৰৰ বেটাছিং অঞ্চলতো একেধৰণৰ ভূমিস্খলনত এটি ডেৰ বছৰীয়া শিশুৱে প্ৰাণ হেৰুৱায়। পুৱতি নিশা সংঘটিত ভূমিস্খলনত মৃত্যু ঘটা শিশুটিৰ নাম তনুষ হাজং বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, বুধবাৰৰ নিশাৰ পৰা গাৰো পাহাৰত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত নৈৰ বুকু উফন্দি পৰাৰ লগতে প্ৰচণ্ড ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।
#MeghalayaFlashFloods – Tragic visuals of a wooden village bridge being washed away by flash floods in Garo hills region today as heavy rains lashes Meghalaya, Assam & parts of NE @ndtv reports. pic.twitter.com/7tb1EGrhPO
— Ratnadip Choudhury (@RatnadipC) June 9, 2022
আনহাতে বৃহস্পতিবাৰে দক্ষিণ গাৰো পাহাৰৰ ডালু আৰক্ষী থানাৰ অন্তৰ্গত গিলমাটডাম গাঁও আৰু ডম্বাগ্ৰে গাঁও সংযোগী বান্দ্ৰা নদীৰ ওপৰৰ কাঠৰ দলংখন নৈৰ কোবাল সোঁতত উটি যায়।
দলংখন চকুৰ পচাৰতে নৈৰ সোঁতত উটি যোৱাৰ এটা ভয়াবহ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।