বানৰ মাজতে অঘটন! মাছ মাৰিবলৈ গৈ সলিল সমাধি এগৰাকী মহিলাৰ…

এক শোকাৱহ ঘটনা।

মাছ মাৰিবলৈ গৈ সলিল সমাধি এগৰাকী মহিলাৰ।

মাৰ্ঘেৰিটা লিডু টিৰাপ নৈত সংঘটিত হৈছে এই অঘটন।

মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী ৪৫ বছৰীয়া মহিলাৰ।

মহিলাগৰাকী সীতা সিং ৰাজপুত বুলি জানিব পৰা গৈছে।

লিডু বিছাগাঁও নিবাসী মহিলাগৰাকী বৰ্তমানলৈকে কোনো সন্ধান ওলোৱা নাই।

বৰ্তমান এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

সমগ্ৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।