fbpx
অসম

বানৰ মাজতে অঘটন! বজাৰত মাছ ধৰা জাল কিনি ঘৰলৈ উভতাৰ পথত পানীত পৰি সন্ধানহীন জিণ্টু

ৰাজ্যৰ চৌদিশে বলিয়া বানৰ সংহাৰী ৰূপ।

বানৰ ভয়াৱহতাৰ মাজতে নলবাৰী জিলাৰ টিহুত সংঘটিত হ’ল এক অঘটন।

বজাৰলৈ গৈ সন্ধানহীন নলবাৰী জিলাৰ টিহুৰ সমীপৱৰ্তী কনিমাৰাত জিণ্টু কলিতা নামৰ এজন যুৱক।

১৮ জুনত পৰাই সন্ধানহীন হৈ আছে প্ৰায় ২২ বৰ্ষীয় জিণ্টু কলিতা।

ঘটনাৰ বিৱৰণী অনুসৰি জিণ্টু কলিতাই আবেলি টিহুৰ বজাৰৰ পৰা মাছ ধৰা জাল আৰু ঘৰুৱা অন্য সামগ্ৰী কিনি ৰেল আলি পাৰ হৈ ঘৰলৈ বুলি কলৰ ভূৰেৰে আহে।

ভেলত উঠাৰ আগতেতেওঁ মাকলৈ আহি পোৱা বুলি ফোন কৰিছিল। কিন্তু নিৰ্দিষ্ট সময়ত ঘৰ নোপোৱাত বিচাৰ খেচাৰ লাগে। ইফালে ভেলতে যুৱকজনৰ ফোন, জাল আৰু সামগ্ৰী ভৰ্তি মোনাখন দেখি স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে হুৱা দুৱা লগায়।

যাৰ পিছতে যুৱকজন পানীত পৰি সন্ধানহীন হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

কনিমাৰা গাঁৱৰ বাসিন্দা কুমুদ কলিতাৰ পুত্ৰ জিণ্টু কলিতাই বিগত বৰ্ষত টিহু মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লৈ গুৱাহাটীত ব্ৰিটানিয়া কোম্পানীত কৰ্মৰত আছিল।

এচডিআৰএফৰ বিষয়া আৰু জোৱানসকলে খবৰ পাই যুৱকজনৰ সন্ধানত অভিযান চলায় যদিও যুৱকজনৰ কোনো সম্ভেদ পোৱা নাই।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!