
নিউজ ডেস্কঃ বাৰিষাৰ প্ৰথম বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। বিগত কিছুদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণত বৃদ্ধি পোৱা নৈৰ জলস্তৰে প্লাৱিত কৰিছে ইখনৰ পিছত সিখন গাঁও।

শেহতীয়া তথ্য অনুসৰি, ৰাজ্যত ভয়ংকৰ বানৰ কবলত পৰিছে ৭ খন জিলাৰ ২২২ খনকৈ গাঁও। যাৰ ফলত ৫৬ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বানত বুৰ গৈছে ১০ হাজাৰ হেক্টৰতকৈও অধিক কৃষিভূমি।

ইফালে ধাৰাসাৰ বৰষুণৰ ফলত ডিমা হাচাও জিলাৰ ১২ খন গাঁৱত সংঘটিত ভূমিস্খলনে স্থবিৰ কৰি তুলিছে যাতায়ত। ভূমিস্খলনৰ ফলত জাতিংগা-হাৰাংগাজাও আৰু মহুৰ-ফাইডিঙৰ ৰেলপথ বন্ধ হৈ পৰাৰ ফলত কেইবাখনো ৰে’লৰ চলাচলো বাতিল কৰিবলগীয়া হৈছে।

আনহাতে প্ৰচণ্ড বান আৰু ভূমিস্খলনৰ ফলত কাছাৰ জিলাত ৩ জন লোকে প্ৰাণ হেৰুৱাইছে। নিহত সকলৰ ভিতৰত আছে এটি ৪ বছৰীয়া কণমানিও। জিলাখনত ১৩৮ খন গাঁও বানৰ কবলত পৰিছে।

অসম চৰকাৰে বানপীড়িত লোকসকলক সহায় কৰিবলৈ সাহায্য শিবিৰ স্থাপন কৰিছে। তদুপৰি ভাৰতীয় সেনা, অৰ্ধসামৰিক বাহিনী, অগ্নি নিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱা আৰু এছডিআৰএফে অহৰহ বানাক্ৰান্ত সকলৰ উদ্ধাৰ আৰু সাহায্যৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ইফালে, বান আৰু ধাৰাসাৰ বৰষুণৰ ফলত শিলচৰ-গুৱাহাটী ৰে’লত আৱদ্ধ হৈ থকা ১১৯ গৰাকী যাত্ৰীক সুকলমে উদ্ধাৰ কৰিছে ভাৰতীয় বায়ু সেনাই।