নিউজ ডেস্কঃ বান্ধৱীৰ ঘৰলৈ পঢ়িবলৈ যাও বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা দুগৰাকী ছাত্ৰী সন্ধানহীন হৈ থকাক লৈ শংকিত হৈ পৰিছে পৰিয়াল।
তেজপুৰৰ বিহগুৰিৰ মৈলা গাঁও আৰু জাকৰুৱা চুবুৰীৰ দুগৰাকী হাইস্কুলৰ ছাত্ৰী সন্ধানহীন হৈ আছে বৃহস্পতিবাৰৰ পুৱাৰে পৰা। ছাত্ৰী দুগৰাকীক বিচাৰি চৌদিশ চলাথ কৰাৰ পিছতে দুয়োৰে কোনো সন্ধান লাভ নকৰাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়াল।
জানিব পৰা মতে, বিহগুৰিৰ মৈলা গাঁৱৰ নিৱাসী অষ্টম শ্ৰেণীৰ হিমাদ্ৰী কোছ নামৰ ছাত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে পুৱা প্ৰায় ১০ বজাত জাকৰুৱা গাঁৱৰ বান্ধৱী নৱম শ্ৰেণীৰ ছাত্ৰী দিপ্তী ৰাজবংশীৰ ঘৰলৈ পঢ়িবলৈ যাম বুলি ঘৰৰ পৰা ওলাই গৈছিল।

কিন্তু তাৰ পিছতে পৰা সন্ধানহীন হৈ আছে হিমাদ্ৰী কোছৰ লগতে দিপ্তী ৰাজবংশীও। দুয়োগৰাকী ছাত্ৰীক বিচাৰি পৰিয়ালে সকলো দিশে খবৰ কৰিছে যদিও এতিয়াও ছাত্ৰী দুগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীকো অৱগত কৰিছে দিপ্তী আৰু হিমাদ্ৰীৰ পৰিয়ালে।
ইফালে কোনো ব্যক্তিয়ে ছাত্ৰী দুগৰাকীৰ সম্ভেদ পালে 7086334608 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।