fbpx
অসম

বানাক্ৰান্তক উদ্ধাৰত ব্যৱহৃত সেনা বাহিনীৰ নাও দুৰ্ঘটনাগ্ৰস্থ, দুই সাংবাদিক আহত…

কমলপুৰত বানাক্ৰান্তক উদ্ধাৰত ব্যৱহৃত সেনা বাহিনীৰ নাও দুৰ্ঘটনাগ্ৰস্থ।

দুৰ্ঘটনাটোৰ ফলত আহত হৈছে দুগৰাকী সাংবাদিক।

শিশু-মহিলাসহ দুশ বানাক্ৰান্তক উদ্ধাৰ কৰি কমাৰতোলাৰ পৰা উভতি অহাৰ পথত নাওখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাটোত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা বাইহাটাৰ দুই সাংবাদিক আঘাতপ্ৰাপ্ত হয়।

সাংবাদিক দুজন জীতেন ভট্ট আৰু অভিজিৎ দাস।

পিছত অন্য এখন ভাৰতীয় সেনাৰ নাও ঘটনাস্থলীত উপস্থিত হৈ আটাইকেইগৰাকীকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আঘাতপ্ৰাপ্ত দুই সাংবাদিকক ততাতৈয়াকৈ বাইহাটাস্থিত গেটছ শইকীয়া হস্পিতাললৈ প্ৰেৰণ কৰা হয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!