‘বানাক্ৰান্তই সাহায্য পাবই লাগিব’- বান পৰিস্থিতিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ।

আজি জিলা উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এক ভিডিঅ’ কনফাৰেন্সত মিলিত হয়।

বৈঠকত প্ৰতিখন জিলাৰ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি, বান শিবিৰতেই নহয়, য’তেই বান তাতে পাব লাগিব খাদ্য।

গৰ্ভৱতী মহিলাক হাস্পতাললৈ অনাৰ দায়িত্ব স্বাস্থ্য বিভাগৰ।

আবদ্ধ লোকক উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰক সেনা, NDRF, SDRF, বায়ুসেনা।

প্ৰতিটো বানাক্ৰান্ত অঞ্চললৈ যাব লাগিব স্বাস্থ্য বিভাগৰ কৰ্মী।

দিনে-নিশাই হাস্পতালত থাকিব লাগিব চিকিৎসক।

আশ্ৰয় শিবিৰলৈ গৈ বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ বুজ লওক উপায়ুক্তই। প্ৰয়োজন সাপেক্ষে শিবিৰতে নিশা কটাওক উপায়ুক্ত, চৰকাৰী বিষয়াই।

ক্ষতিগ্ৰস্তক সহায় কৰিবলৈ DCএ নিজেই ব্যৱস্থা ল’ব পাৰিব।ক্ষতিগ্ৰস্তক সহায়ৰ বাবে দিছপুৰৰ কোনো অনুমতি ল’ব নালাগে।

অহা ২–৩ দিনলৈ নিজ নিজ জিলাত থাকিব লাগিব অভিভাৱক মন্ত্ৰীসকল।

 ক্ষতিপূৰণৰ তালিকা প্ৰস্তুত কৰোঁতে এমাহ ল’ব নোৱাৰিব চৰকাৰী বিষয়াই। বান কমাৰ লগে লগে দাখিল কৰিব লাগিব ক্ষতিগ্ৰস্তৰ তালিকা

বজালীৰ উপায়ুক্তক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, বানাক্ৰান্ত শিশুয়ে আজি ৪-৫ দিনে কিয় পোৱা নাই শিশু খাদ্য? মুখ্যমন্ত্ৰীৰ প্ৰশ্নত উপায়ুক্তই দায় ঠেলিলে CDPOলৈ৷ মুখ্যমন্ত্ৰীয়ে ক’লে – নিৰ্দেশ দিলেই নহয়, নিৰ্দেশ কাৰ্যকৰী হৈছেনে নাই সেয়া গুৰুত্বপূৰ্ণ৷ আজিয়েই কনফাৰ্ম কৰক সন্ধিয়াৰ ভিতৰত৷

নলবাৰীৰ বৰশিমলুৱা আৰু অন্যান্য বানাক্ৰান্ত অঞ্চলত আৰ্মীৰ নাৱেৰে সাহায্য দিবলৈ জিলা উপায়ুক্তক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো বৰশিমলুৱা অঞ্চললৈ যোৱাৰ নিৰ্দেশ দিছে।

কামৰূপ আৰু দৰং জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে জিলা দুখনত তিনিদিন বাহৰ পাতি থকাৰ নিৰ্দেশ দিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক৷

তিনি দিন বাহৰ পাতি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ হাজোলৈ প্ৰথমে যাব পাটোৱাৰী, তাৰ পিছত যাব দৰঙলৈ।

বৈঠকত বৰাক ভেলীৰ বান পৰিস্থিতি বুজ লৈ কাছাৰৰ DCক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, শিশু খাদ্য আৰু খোৱা পানীৰ অভাৱ হৈছে নেকি? হৈছে যদি গুৱাহাটীৰ পৰা পঠোৱা হ’ব। কাইলৈৰ পৰা গুৱাহাটীৰ পৰা বৰাকলৈ যাব পেট্ৰ’ল-ডিজেল৷ কৰিমগঞ্জৰ DCক ক’লে মুখ্যমন্ত্ৰীয়ে৷

শিলচৰ আৰু কৰিমগঞ্জৰ মাজৰ পথ সেৱা ব্যাহত হৈ থাকিলে হেলিকপ্টাৰেৰে সামগ্ৰী যোগান ধৰা হ’ব বুলিও বৈঠকত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷

জিলা উপায়ুক্ত আৰু মহকুমাধিপতিসকলক মুখ্যমন্ত্ৰীৰ পোনপটীয়া নিৰ্দেশ – বান সাহায্য পাবই লাগিব৷ প্ৰচিডিউৰ কথা কৈ যাতে বান সাহায্য বন্ধ কৰি ৰখা নহয় কাকো৷ প্ৰথমে উদ্ধাৰ আৰু বান সাহায্য পাবই লাগিব ৰাইজে৷ প্ৰছিডিউৰত নপৰিলে আমি CM Relief Fund বা SOPDৰ জৰিয়তে টকা মুকলি কৰি দিম৷ কিন্তু কোনো মানুহে বান সাহায্য নোপোৱাকৈ থাকিব নালাগিব৷ যোগাযোগ বিচ্ছিন্ন হোৱা স্থানত এয়াৰ ড্ৰপিঙৰ ব্যৱস্থা কৰক৷ মনক ৰাখক- চৰকাৰে যে কাম কৰিছে ৰাইজে গম পাব লাগিব৷

বানাক্ৰান্ত জিলাসমূহত বাহৰ পাতি থকাৰ নিৰ্দেশ মন্ত্ৰীসকলক৷ পীযূষ হাজৰিকা আৰু ডাঃ ৰণোজ পেগুক বাদ দি সকলো মন্ত্ৰীক বানাক্ৰান্ত জিলাত বাহৰ পাতি থকাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ জিলাৰ অভিভাৱক সচিব সকলোকো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷

একাংশ উপায়ুক্তৰ কাম কাজত ভীষণ অসন্তুষ্ট মুখ্যমন্ত্ৰী৷ ভিডিঅ’ কনফাৰেন্সতে ঢমক মুখ্যমন্ত্ৰীৰ৷ বান সাহায্য প্ৰদানত খেলিমেলিক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী ড০ শৰ্মা৷ বান সাহায্য পাবৰ বাবে ৰাইজ কি কেম্পত থাকিব লাগিব নেকি বুলি উপায়ুক্তক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ৷