fbpx
অসমীয়াঅসম

বানত বুৰ গ’ল শ্মসান! আধাজ্বলা হৈ চিতাৰ ওপৰতে পৰি ৰ’ল বানত প্ৰাণ হেৰুওৱা কিশোৰৰ মৃতদেহ

নিউজ ডেস্কঃ চৌদিশে কেৱল পানী আৰু পানী…! বাৰিষাৰ বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে সমগ্ৰ অসমজুৰি। বানত বুৰ গৈছে সহস্ৰাধিক গাঁও। বানৰ কবলত ককবকাইছে লাখ লাখ সাধাৰণ লোকে। প্ৰাণ হেৰুৱাইছে তিনি কুৰিৰো অধিক লোকে।

তেজপুৰৰ সমীপৱৰ্তী চাৰিদুৱাৰ ৰাজ চক্ৰৰ অন্তৰ্গত বাঁহবাৰী ডেকাচুবুৰীতো এতিয়া নামিছে বানৰ সংহাৰ। ঘগৰা নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে সমগ্ৰ অঞ্চল। এনে সময়তে যোৱা ১৭ জুনত বানত প্ৰাণ হেৰুৱাইছিল ৰণজিৎ মুণ্ডা (জিন্তু) নামৰ এটি কিশোৰে।

photo1655712188 1

বানত প্ৰাণ হেৰুওৱা কিশোৰটিৰ অন্ত্যোষ্টিক্ৰিয়াৰ ব্যৱস্থা কৰা হয় ডেকাচুবুৰীৰ ৰাজহুৱা শ্মসানত। কিন্তু বাৰিষাৰ মুষলধাৰ বৰষুণৰ পিছতে শ্মসানখনো প্লাৱিত হৈ পৰা মৃত কিশোৰটিৰ অন্ত্যোষ্টিক্ৰিয়া আধাতে সামৰিবলগীয়া হয় পৰিয়াল আৰু গাঁওবাসীয়ে। যাৰ বাবে শ্মসানৰ চিতাৰ ওপৰতে পৰি ৰয় কিশোৰজনৰ নশ্বৰ দেহ। এই দৃশ্যই দুচকু সেমেকাই তুলিছে সকলোৰে।

উল্লেখ্য যে, ১৭ জুনৰ বিয়লি ডেকাচুবুৰীৰ প্লাৱিত পথৰে আহি থকা অৱস্থাত ৰণজিৎ মুণ্ডা (জিন্তু) নামৰ কিশোৰজনক উটুৱাই নিছিল প্ৰৱল সোঁতে। তাৰ পিছতে প্ৰত্যক্ষদৰ্শী একাংশই কিশোৰজনক উদ্ধাৰ কৰে যদিও তেতিয়ালৈকে মৃত্যু ঘটে ৰণজিতৰ।

ইফালে কিশোৰজনৰ মৃতদেহ পৰৱৰ্তী সময়ত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত মৰোণত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত পৰিয়ালক চমজাই দিয়া হয়। আৰু ডেকাচুবুৰীৰ ৰাজহুৱা শ্মসানত কিশোৰজনৰ শেষকৃত্য সম্পন্ন কৰাৰ সময়তে হঠাৎ অহা বানৰ ফলত মৃত কিশোৰজনক চিতাৰ ওপৰতে এৰি থৈ আহিবলগীয়া হয় পৰিয়াল আৰু গাঁওবাসীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!