Fri. Jan 15th, 2021

নিউজ ডেস্ক। বাতৰি কাকতৰ হকাৰ হিচাপে জীৱন নিৰ্বাহ কৰি বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে ধমধমাৰ এগৰাকী কঠোৰ সংগ্ৰামী তথা অধ্যৱসায়ী যুৱক নূৰ মহম্মদ আলীয়ে।

২০১১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰবী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়তেই গৱেষণা আৰম্ভ কৰিছিল নূৰ মহম্মদ আলীয়ে।

চেঙা কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চান্দ মহম্মদ আলীৰ তত্ত্বাৱধানত ‘এ ষ্টাডী অন দ্যা লাইফ এণ্ড ৱৰ্কছ অব্ ইবন খালদুন উইথ স্পেচিয়েল ৰেফাৰেন্স টু আল-মুকাদ্দিন’ বিষয়ৰ ওপৰত গৱেষণা কৰি নূৰ মহম্মদ আলীয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰে।

অতি দুখীয়া পৰিয়ালৰ ছাত্ৰ নূৰ মহম্মদ আলীয়ে সৰুৰে পৰাই অতি কষ্টৰ মাজেৰে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল।

তৃতীয় শ্ৰেণীত পঢ়ি থাকোতেই পিতৃক হেৰুওৱা নূৰ মহম্মদে হোটেলত কাম কৰি আৰু মাছৰ ব্যৱসায় কৰি পৰিয়ালৰ খৰচ বহন কৰাৰ লগতে নিজৰ পঢ়াৰ খৰচ উলিয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

পিছত কেৰাচিন বিক্ৰী কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ৰঙিয়া মহাবিদ্যালয়ৰ আৰবী বিষয়ত অনাৰ্ছ লৈ পঢ়িবলৈ লয়। সেই সময়ত পঢ়াৰ খৰচ উলিবলৈ তেওঁ ভূটানৰ পৰা চাইকেলেৰে পেট্ৰ’ল কঢ়িয়াই আনি ৰঙিয়াত বিক্ৰী কৰিবলগীয়া হৈছিল।

জীৱনৰ ঘাত-প্ৰতিঘাত নেওচি উচ্চশিক্ষা গ্ৰহণ কৰিও স্বাৱলম্বনৰ বাবে বিচাৰি লৈছে এটি ক্ষুদ্ৰ বৃত্তি।

সফলতাৰ পূৰ্ণ প্ৰাপ্তি বিচাৰি এফালে বিশ্ববিদ্যালয়ত গৱেষণা কাৰ্যত ব্ৰতী হৈ আনফালে বাতৰি কাকত বিক্ৰী কৰি চলাইছে পৰিয়াল।

কাহিলি পুৱাতে শোৱাপাটী এৰি পোন্ধৰ কিলোমিটাৰ দূৰৰ পৰা বাতৰি কাকত আনি গাঁৱৰ ঘৰে ঘৰে বিৰতণ কৰি পৰিয়াল পাহপাল দিয়া নূৰ মহম্মদ আলীৰ এই কৃতিত্বত অঞ্চলটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

যথেষ্ট সংগ্ৰামৰ মাজেৰে অধ্যয়ন কৰি বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰিছে নূৰ মহম্মদ আলীয়েও।

একাগ্ৰতা, নিষ্ঠা, সততা আৰু কষ্টসহিষ্ণুতা থাকিলে জীৱনত যে সফলতা লাভ কৰিব পাৰি, তাৰ এক জলন্ত উদাহৰণ দাঙি ধৰা নূৰ মহম্মদ আলীৰ এই কৃতিত্বত ধমধমা প্ৰেছ ক্লাব, প্ৰেৰণা সাহিত্য সমাজ, ধমধমা আঞ্চলিক ছআত্ৰ সন্থাকে ধৰি কেইবাটাও অনুষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰিছে।

উল্লেখ্য যে প্ৰতিটো পুৱাই নূৰ মহম্মদে নলবাৰীৰ জাৰ্নাল এম্পৰিয়ামৰ পৰা বাতৰি কাকত আনি বালিতাৰা, ভেলামাৰী, ধমধমা, গড়ভিতৰ, গোৱালবিল, জাৰতালুক, ভেৰভেৰী আদিত ঘৰে ঘৰে গৈ বাতৰি কাকত বিতৰণ কৰে।

তদুপৰি ২০১৪ চনতেই টেট উত্তীৰ্ণ হৈছে যদিও নূৰ মহম্মদে পেৱা নাই শিক্ষকৰ চাকৰি।