বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত বিনামূলীয়া স্কুটীৰ সৈতে চৰকাৰৰ স্পেচিয়েল খানা, প্ৰতিক্ৰিয়া…

আজি খানাপাৰাত অনুষ্ঠিত হয় ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত।
বঁটা প্ৰদান অনুষ্ঠানত ৩৫৮০০ গৰাকী মেধীৱী শিক্ষাৰ্থীক প্ৰদান কৰা হয় বিনামূলীয়া স্কুটী।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
কিন্তু বঁটা প্ৰদান অনুষ্ঠানত ছাত্ৰী-ছাত্ৰী তথা উপস্থিত ৰাইজক প্ৰদান কৰা পেকেট লাঞ্চক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

অনুষ্ঠানত চাইনীজ পোলাওৰ নামত ছাত্ৰ-ছাত্ৰী, অভিভাৱকক চৰকাৰে খুৱালে দুটুকুৰা পনিৰৰ সৈতে শুদা ভাত।
চৰকাৰী নিৰ্দেশ মৰ্মে শুদা ভাতত দুটুকুৰা পনিৰ দি পাল মাৰি খাবলৈ দিয়া খাদ্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, আজি কামৰূপ আৰু কামৰূপ (মেট্ৰ’) জিলাৰ শিক্ষাৰ্থীক প্ৰদান কৰা হয় স্কুটী।
ইয়াৰ ভিতৰত ৭৫ শতাংশ বা তাতোধিক নম্বৰপ্ৰাপ্ত ৬০৫২ গৰাকী ছাত্ৰই লাভ কৰে স্কুটী।
আনহাতে প্ৰথম বিভাগত উত্তীৰ্ণ ২৯৭৪৮ গৰাকী ছাত্ৰীয়ে লাভ কৰিব স্কুটী।