অসম

বাঢ়িয়ে আছে মৃতকৰ সংখ্যা! মণিপুৰৰ ভূমিস্খলনৰ পৰা এইপৰ্যন্ত উদ্ধাৰ ২৯টা মৃতদেহ…

মণিপুৰৰ ন’নেই জিলাৰ টুপুলত ৰে’লৰ এক নিৰ্মাণস্থলীত সংঘটিত ভয়ানক ভূমিস্খলনৰ ঘটনাৰ ধ্বংসস্তুপৰ তলৰ পৰা উদ্ধাৰ হৈয়েই আছে মৃতদেহ।

এই পৰ্ন্ত ২৯ টাকৈ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেনা-এন ডি আৰ এফৰ যৌথ উদ্ধাৰকাৰী দলে।

তৃতীয় দিনা পুৱা ৫ বজাৰ পৰাই সেনাই ৰাডাৰ প্ৰযুক্তিৰে চলোৱা অভিযানত ভূগৰ্ভৰ বিশ মিটাৰ গভীৰতাত পোতখাই থকা ৮ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

অৱশ্যে এতিয়াও অন্য  ৩৫ জন লোক মাটিৰ তলত পোত গৈ আছে বুলি ননেই উপায়ুক্ত আৰু উদ্ধাৰ অভিযান তদাৰক কৰা সেনা বিষয়াই প্ৰকাশ কৰিছে।

শনিবাৰে উদ্ধাৰ হোৱা ৮টা মৃতদেহৰ ভিতৰত পাঁচজনেই টেৰিটৰিয়েল আৰ্মীৰ কৰ্মী আৰু এজন নিৰ্মাণ প্ৰতিষ্ঠানৰ কৰ্মচাৰী। বাকী দুজনৰ পৰিচয় লাভ কৰিব পৰা হোৱা নাই।

জানিব পৰামতে এই  ২৯ টা মৃতদেহ ভিতৰত অসমৰ ৭ জন লোক আছে। 

টুপুল ৰেলৱে য়াৰ্ডত সংঘটিত এই ভয়ংকৰ ভূমিস্খলনৰ উদ্ধাৰ অভিযানৰ সন্দৰ্ভত ননেই জিলা উপায়ুক্তই কয় যে,   ভাৰতীয় সেনাই কাশ্মীৰৰ পৰা অনা উন্নত ৰাডাৰ প্ৰযুক্তিৰে সন্ধান চলাই ৯ টা মৃতদেহ উদ্ধাৰ কৰে যদিও কিন্তু কালি অঞ্চলটো পুনৰ বৃষ্টিপাত বাবে উদ্ধাৰ অভিযানত জটিলতা আহিছে।

মণিপুৰৰ জিৰিবাম ইম্ফল এই মেগা ৰেলৱে প্ৰকল্পৰ টুপুল ষ্টেচনত টেৰিটৰিয়েল আৰ্মি ৰেলৱে শ্ৰমিক কৰ্মচাৰী আৰু  গাওঁবাসীসহ মুঠ ৮১ গৰাকী লোক আছিল।

ইয়াৰে ১৮ গৰাকী আহত লোকক উদ্ধাৰ কৰি চিকিৎসায়লৈ প্ৰেৰণ কৰা হৈছে, ২৯ টা মৃতদেহ উদ্ধাৰ কৰা বিপৰীতে আৰু ৩৫ জনলোক এতিয়াও নিখোজ হৈ আছে।

Related Articles

Back to top button