নিউজ ডেস্কঃ বিধানসভাৰ বাজেট অধিৱেশনত দাখিল ২০২৩-২৪ বৰ্ষৰ বাজেট।
বাজেট দাখিল কৰি ৰাজ্যত কেইবাখনো উৰণীয়া সেঁতু নতুনকৈ নিৰ্মাণৰ প্ৰস্তাৱ বিত্তমন্ত্ৰী অজন্তা নেওগৰ।
গুৱাহাটীৰ গড়ভাঙ্গা পথৰ চাইকেল ফেক্টৰী সংযোগী পথত নিৰ্মাণ কৰা হ’ব উৰণীয়া সেঁতু।
আৰ কে চৌধুৰী পথৰ ফটাশিল চাৰিআলিতো নিৰ্মাণ হ’ব উৰণীয় সেতু।
জি এছ ৰোডৰ ডাউন টাউন হাস্পতালৰ সন্মুখত ৰাজীৱ ভৱনৰ সমীপত উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তাৱ।
যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈ নতুনকৈ এখন উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তাৱ।
ইফালে ডিব্ৰুগড় আমোলাপট্টি, মানকটা ৰে’লৱে ক্ৰচিঙত, লাহোৱালৰ ৰে’লৱে ক্ৰচিঙত নিৰ্মাণ হ’ব ৩ খনকৈ উৰণীয়া সেতু।
ডিফু ষ্টেডিয়ামৰ পৰা ডিফুৰ প্ৰধান ডাকঘৰলৈ নিৰ্মাণ হ’ব উৰণীয়া সেতু।
গোপীনাথ বৰদলৈ পথত চাৰিলেনযুক্ত এলিভেটেড পথ নিৰ্মাণৰ প্ৰস্তাৱ বাজেটত।
ঐতহাসিক কামাখ্যা মন্দিৰলৈ বিকল্প এলিভেটেড পথৰ প্ৰস্তাৱ।
দীপৰ বিলৰ সমীপৰ স্থানত হাতী অহা যোৱাৰ বাবে আণ্ডাৰ পাছ নিৰ্মাণৰ প্ৰস্তাৱ।
গুৱাহাটীৰ শ্বহীদ স্মাৰক সংযোগী পথ আৰু কইনাধৰা পথৰ মাজত, দীপৰ বিলৰ ওপৰৰে এলিভেটেড পথ নিৰ্মাণৰ প্ৰস্তাৱ।
শিলচৰৰ কালাইন পথত এলিভেটেড পথৰ প্ৰস্তাৱ।
অসম মালা আঁচনিৰ অধীনত ৪টা পথ কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱ।