বাজেট ২০২২-২৩ঃ ৰাজ্যত নতুনকৈ ৭খন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপনৰ সিদ্ধান্ত…

অসম বিধানসভাত ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ।

ৰাজ্যত নতুনকৈ ৭খন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপনৰ সিদ্ধান্ত।

টাটা ন্যাসৰ সৈতে ৰাজ্য চৰকাৰ হোৱা বুজাবুজিৰ চুক্তি অনুসৰি ডিব্ৰুগড়, বৰপেটা, কোকৰাঝাৰ, তেজপুৰ, যোৰহাট, লক্ষীমপুৰ আৰু দৰঙত নতুনকৈ সাতখন কৰ্কট ৰোগৰ হস্পিটেল স্থাপন কৰা হ’ব।

২০২২-২৩ বৰ্ষৰ ভিতৰত ইয়াৰ নিৰ্মাণকাৰ্য সম্পুৰ্ণ হ’ব বুলি মন্তব্য বিত্তমন্ত্ৰীৰ।

বৰ্তমান ৰাজ্যত ১০ খন কৰ্কট ৰোগৰ হস্পিটেলৰ নিৰ্মাণকাৰ্য চলি আছে।

আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰবটিক অস্ত্ৰোপ্ৰচাৰ গোট স্থাপন কৰিবলৈয়ো চৰকাৰে প্ৰস্তাৱ লৈছে বুলি অজন্তা নেওগে বাজেট ভাষণত কয়।

Leave a Comment