fbpx
অসম

বাজেট ২০২২-২৩ঃ এইকেইটা বিভাগত নিযুক্তি দিয়া হ’ব ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক..?

অসম বিধানসভাত ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ।

সকলোৰে আশীষ বিচাৰি বিধানসভাত বাজেট দাখিল।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ কলিৰে বিত্ত মন্ত্ৰী অজন্তা নেওগৰ ভাষণ আৰম্ভ।

অজন্তা নেওগৰ মুখত- ‘তোৰে মোৰেআলোকৰে যাত্ৰা….’

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰি ৰাজ্য চৰকাৰ ১ লাখ যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে।

এই এক লাখ নিযুক্তিৰ ভিতৰত ইতিমধ্যে ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগত ১০৪ গৰাকী, গৃহ বিভাগত ১২৩ গৰাকী আৰু শিক্ষা বিভাগত ৯৩০ গৰাকী যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছে বুলি অজন্তা নেওগে প্ৰকাশ কৰে।

ৰাজ্য চৰকাৰে নিযুক্তি দিবলগীয়া ১ লাখ পদৰ ভিতৰত গৃহ বিভাগত ১৬,৬৫৪ টা, প্ৰাথমিক শিক্ষা বিভাগত ১০,০০০ টা পদ, কাৰিকৰী শিক্ষা বিভাগত ২৯৬ টা পদ, এছ চি ই আৰ টি সঞ্চালকালয়ত ২৭৯ টা, মাধ্যমিক শিক্ষা বিভাগত ১৩,৫৬৮ টা পদ, উচ্চ শিক্ষা বিভাগত ১৮৯১ টা পদ, স্বাস্থ্য বিভাগত মুঠ ৬০৯৮ টা পদ, পৰিবেশ আৰু বন বিভাগত ২১৪৮ টা পদ, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১৩,৫৭২ টা আৰু ১৩৭৮৭ টা পদ, অসম লোকসেৱা আয়োগে গ্ৰেড-১ৰ বাবে ৩,৫৮৭ টা পদ আৰু গ্ৰেড-২ৰ বাবে ১৫৬৮ টা পদ পুৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিত্ত মন্ত্ৰী অজন্তা নেওগে সদৰী কৰে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!