অসম

বাঙালী মিউজিয়াম লাগিলে চৰকাৰৰে আলোচনা কৰিব, কিন্তু মিঞা মিউজিয়াম…- দিগন্ত কলিতা

১ নৱেম্বৰৰ পৰা অসমত আৰম্ভ হ’ব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা।

ধুবুৰীৰ পৰা শদিয়ালৈ কৰিবলগীয়া এই যাত্ৰা ধুবুৰী জিলাৰ গোলকগঞ্জৰ পৰা আৰম্ভ হ’ব।

ভাৰত জোড়ো যাত্ৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ সাজু হোৱাৰ সময়তে কংগ্ৰেছ দললৈ শুভেচ্ছা জনাইছে কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাই।

কলিতাই ভাৰত জোড়ো যাত্ৰাৰ বাবে শুভেচ্ছা জনাই কয় যে নিৰ্বাচন আহিলেহে এই দলটো একত্ৰিত হয়, বাকী সময়ত শুই থকা শিয়াল সদৃশ।

তেওঁ কয়- অসমীয়া মানুহ কংগ্ৰেছৰ লগত নাই বুলি জানিয়ে মিঞাক লৈ ধুবুৰীৰ পৰা আৰম্ভ কৰিছে। মিঞা মিউজিয়াম, মিঞাৰ সমৰ্থনতহে ভূপেন বৰাই যাত্ৰা কৰিছে।

কলিতাই লগতে কয় যে, মিঞা বুলি কোনো জাতি নাই, ইতিহাস নাই, মিঞাৰ লগত বাঙালীৰ তুলনা হ’ব নোৱাৰে। বাঙালী মিউজিয়াম লাগিলে চৰকাৰৰ লগত আলোচনা কৰিব, কিন্তু মিঞা মিউজিয়ামৰ লগত বাঙালী মিউজিয়ামৰ তুলনা উচিত নহয়।

আনহাতে তেওঁ শ্বেৰমান আলীৰ প্ৰসংগত কয়– আলীৰ মগজুৰ বিকৃতি ঘটিছে, শ্বেৰমান আলী ৰাঁচী বা তেজপুৰলৈ সোনকালে যাব লাগে চিকিৎসাৰ বাবে।

Related Articles

Back to top button