
নিউজ ডেস্ক। বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এটা ভাইৰেল ভিডিঅ’ই এতিয়া সামাজিক মাধ্যমত লাভ কৰিছে তুমুল চৰ্চা।
বিশ্ববিদ্যালয়খনৰ এগৰাকী অধ্যাপিকাই ষষ্ঠ ষন্মাসিকৰ এগৰাকী ছাত্ৰীক কাণত ধৰাই উঠা-বহা কৰিবলৈ দিয়া কাৰ্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
বিশ্ববিদ্যালয়ৰ অধ্যাপিকাগৰাকীয়ে ছাত্ৰীগৰাকীক এই শাস্তি বিহি মানৱ অধিকাৰ উলংঘন কৰাৰ অভিযোগ একাংশই উত্থাপন কৰাৰ বিপৰীতে আন একাংশই ছাত্ৰীগৰাকীকে জগৰীয়া কৰিছে।

জানিব পৰা মতে, বিশ্ববিদ্যালয়খনত বিগত ৫ বছৰ ধৰি ঠিকাভিত্তিক ভাৱে নিযুক্তি লাভ কৰা জয়শ্ৰী দাস নামৰ অধ্যাপিকা গৰাকীৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ এটা হোৱাটছএপ গ্ৰুপত কটু আৰু অশালীন মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে।

অধ্যাপিকাগৰাকীয়ে দাবী কৰা মতে, তেওঁ শাস্তি বিহা শিক্ষাৰ্থীগৰাকী আৰু আন এগৰাকী শিক্ষাৰ্থীয়ে হোৱাটছএপ গ্ৰুপত তেওঁৰ ব্যক্তিগত জীৱনক লৈ অশালীন মন্তব্য কৰাৰ লগতে ৮ মাহ পূৰ্বে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা তেওঁৰ পিতৃক লৈও কটু মন্তব্য কৰিছিল।
অধ্যাপিকা জয়শ্ৰী দাসৰ এহাজাৰ পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা আৰু তেওঁৰ বেয়া চৰিত্ৰৰ বাবেই পিতৃৰ সোনকালে মৃত্যু ঘটা বুলি হোৱাটছএপ গ্ৰুপত মন্তব্য কৰা এই ষষ্ঠ ষন্মাসিকৰ ছাত্ৰীগৰাকীয়ে কৰা ভুলৰ বাবেই তেওঁক কাণত ধৰাই উঠা-বহা কৰিবলৈ দিয়া বুলি মন্তব্য কৰে জয়শ্ৰী দাসে।

অৱশ্যে ছাত্ৰীগৰাকীয়েও নিজে কৰা ভুলৰ স্বীকাৰ কৰিছে। কিন্তু ছাত্ৰীগৰাকীৰ মতে, অধ্যাপিকা জয়শ্ৰী দাসে প্ৰায়ে ছাত্ৰ-ছাত্ৰীক বেয়া ব্যৱহাৰ কৰি আহিছিল। যাৰ বাবে তেওঁলোকৰ হোৱাটছএপ গ্ৰুপত অধ্যাপিকাগৰাকীৰ নাম উল্লেখ নকৰাকৈ আলোচনা চলিছিল।
এই ধেমেলিয়া আলোচনাৰ মাজতে তেওঁ মন্তব্য কৰিছিল অধ্যাপিকাগৰাকীৰ এহেজাৰ প্ৰেমিক থকা বুলি। সন্ধিয়াৰ ভাগত চলা এই ধেমেলিয়া হোৱাটছএপ গ্ৰুপৰ আলোচনাৰ পিচতে নিশা তেওঁক অধ্যাপিকাগৰাকীয়ে ফোন কৰে আৰু অশালীন আচৰণ কৰি ভয়-ভাবুকি প্ৰদান কৰে। অধ্যাপিকাগৰাকীয়ে ৰাজহুৱাভাৱে ছাত্ৰীগৰাকীক ভৰিত ধৰি ক্ষমা খুজিবলৈও কয়।
বিশ্ববিদ্যালয়খনত খুব কঢ়া অধ্যাপিকা হিচাপে পৰিচিত জয়শ্ৰী দাসৰ নিৰ্দেশ অনুসৰিয়েই পিছদিনা বিশ্ববিদ্যালয় চৌহদত কাণত ধৰি উঠা-বহা কৰে ছাত্ৰীগৰাকীয়ে। আনহাতে সেই সময়ত অধ্যাপিকাগৰাকীয়ে এগৰাকী ছাত্ৰৰ দ্বাৰা সমগ্ৰ দৃশ্যৰ ভিডিঅ’ বনাই পৰৱৰ্তী সময়ত নিজেই ভাইৰেল কৰাৰো অভিযোগ কৰে ছাত্ৰীগৰাকীয়ে।
ভাইৰেল ভিডিঅ’টোত দেখা পোৱা গৈছে যে, বিশ্ববিদ্যালয়ৰ ইউনিফৰ্ম পিন্ধা এগৰাকী ছাত্ৰীক কাণত ধৰিবলৈ নিৰ্দেশ দিছে অধ্যাপিকা জয়শ্ৰী দাসে। তাৰ পিছত পিতৃ-মাতৃৰ শপত খুৱাই ভৱিষ্যতে কোনো শিক্ষকৰ বিৰুদ্ধে এনে কটু মন্তব্য নকৰিবলৈ দঢ়াই কৈছে তেওঁ। সেই সময়ত তেওঁ কৈছে ‘বাঘৰ নেগুৰেৰে কাণ খজুৱাইছ’ বুলিও। তাৰ পিছতে ছাত্ৰীগৰাকীক তিনিবাৰ উঠা-বহা কৰোৱাইছে জয়শ্ৰী দাসে।
এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে এতিয়া সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। হোৱাটছএপ গ্ৰুপৰ আলোচনাৰ নামত শিক্ষাৰ জ্যোতি বিলোৱা এগৰাকী অধ্যাপিকাৰ ব্যক্তিগত জীৱনক লৈ কৰা মন্তব্যৰ বাবে অনেকেই ছাত্ৰীগৰাকীৰ লগতে গুপৰ এডমিনসকলক জগৰীয়া কৰিছে। তাৰ বিপৰীতে আন একাংশই আকৌ ছাত্ৰীগৰাকীক এনে শাস্তি প্ৰদান কৰাৰ বাবে অধ্যাপিকাগৰাকীকে দোষী সজাব বিচাৰিছে আৰু মানৱ অধিকাৰ উলংঘনৰ অভিযোগ তুলিছে।
লগতে চাওকঃ
চাঞ্চল্যকৰ ঘটনা! গৰ্ভৱতী পত্নীক চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা আৰক্ষী স্বামীৰ…
