বাওনা হৈও স্বৰ্গ ঢুকি পালে আফছিনে! বিশ্বৰ সবাতোকৈ চাপৰ প্ৰাপ্তবয়স্কৰূপে গীনিজ বুকে কৰিলে ঘোষণা…

নিউজ ডেস্কঃ নিজৰ সক্ষমতাতকৈ অধিক আশা কৰিলে তেনে ব্যক্তিক সমালোচনা কৰিবলৈ অসমীয়াত ‘বাওনা হৈ স্বৰ্গলৈ হাত মেলা’ বুলি কয়।
কিন্তু বাওনা হোৱাৰ বাবেই আজি বিশ্বজুৰি পৰিচয় অৰ্জন কৰিবলৈ সক্ষম হৈছে এজন যুৱকে। বাওনা হোৱাৰ বাবেই তেওঁ আজি লাভ কৰিবলৈ সক্ষম হৈছে নাম-যশ, ঐশ্বৰ্য-বিভূতি সকলো।

সেই যুৱকজনেই হৈছে ইৰানৰ নাগৰিক আফছিন ইছমাইল গদগাজা। বৰ্তমান বিশ্বৰ সবাতোকৈ চাপৰ প্ৰাপ্তবয়স্ক ব্যক্তি হিচাপে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আফছিনে।
উল্লেখ্য যে, পূৰ্বে বিশ্বৰ আটাইতকৈ চাপৰ প্ৰাপ্তবয়স্কৰ খ্যাতি লাভ কৰিছিল কলম্বিয়াৰ নাগৰিক ২৪ বৰ্ষীয় এডৱাৰ্ড নিন’ হাৰ্ণাণ্ডেজে। ২০১৩ চনত তেওঁৰ উচ্চতা আছিল ২ ফুট ৩.৫ ইঞ্চি।

কিন্তু এতিয়া এডৱাৰ্ডৰ ৰেকৰ্ড ভংগ কৰি গীনিজ বুকত আটাইতকৈ চাপৰ ব্যক্তি হিচাপে নিজৰ নাম সন্নিৱিষ্ট কৰিছে ইৰানৰ পশ্চিম আজাৰবেইজান প্ৰদেশৰ বুকান অঞ্চলৰ বাসিন্দা আফছিনে।
গীনিজ বুক অৱ ৰেকৰ্ডছৰ তথ্য অনুসৰি, ২০ বৰ্ষীয় আফছিনৰ উচ্চতা হৈছে ২ ফুট ১.৬ ইঞ্চি বা ৬৫.২৪ চেণ্টিমিটাৰ।

উল্লেখ্য যে, গীনিজ বুকত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ প্ৰথমবাৰৰ বাবে বিদেশ যাত্ৰা কৰি ইৰানৰ পৰা ডুবাইত উপস্থিত হয় আফছিন।

য’ত ২৪ ঘণ্টাৰ ভিতৰত তিনিবাৰ তেওঁৰ উচ্চতাৰ জোখ লোৱাৰ পিছত গীনিজ বুকে আনুষ্ঠানিকভাৱে আফছিনক বিশ্বৰ আটাইতকৈ চাপৰ প্ৰাপ্তবয়স্ক হিচাপে ঘোষণা কৰে।