বাইচান্সৰ লাইচেন্স নাই! কেতিয়াবা যদি কিবা অঘটন হয়… PSO ৰ সপক্ষে যুক্তি বিজেপি বিধায়কৰ

“বাইচান্সৰ লাইচেন্স নাই! কেতিয়াবা যদি কিবা অঘটন হয়…”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক, ভিআইপিৰ পিএছঅ’ উঠাই লোৱাৰ ঘোষণা কৰাৰ পিছত ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সাধাৰণ লোকে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ সমৰ্থন কৰিছে ঠিকেই, কিন্তু পিএছঅ’ৰ মাজত ঘূৰি নিজকে ভিআইপি-ভিভিআইপি অনুভৱ কৰা আন বহুতেই অসন্তুষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তত।

Assam-Chief-Minister-Himanta-Biswa-Sarma-along-with-Health-Minister-Kashab-Mahanta-addressing-press-

তেনে ধৰণেই অসন্তুষ্টি ব্যক্ত কৰিছে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। বিতৰ্কিত মন্তব্যৰে প্ৰায়ে চৰ্চাত থকা বিধায়কজনে যুক্তি দিলে পিএছঅ’ৰ প্ৰয়োজনীয়তাৰ।

বিধায়ক ৰমাকান্ত দেউৰীয়ে পিএছঅ’ৰ সপক্ষে যুক্তি দি ক’লে- “যদি পিএছঅ’ নাথাকে তেন্তে সাধাৰণ জনতা আৰু জনপ্ৰতিনিধিৰ মাজত পাৰ্থক্য ক’ত থাকিব?”

বিধায়কজনৰ মতে, বাইচান্সৰ লাইচেন্স নাই। গতিকে যদি কিবা এটা হৈ যায়, তেন্তে পিছত কব- পিএছঅ’ নথকাৰ বাবেহে এনে হল। গতিকে তেওঁ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা পিএছঅ’ উঠাই লোৱাৰ যুক্তি মানি ল’ব নোৱাৰে।

6

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে বিধায়ক, মন্ত্ৰীসকলৰ পিএছঅ’ কৰ্তন কৰাৰ ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ মতে, সময় এতিয়া সলনি হৈছে আৰু নতুন সময়ত ভিআইপি-ভিভিআইপিক ব্যক্তিগত সুৰক্ষা প্ৰদানৰ প্ৰয়োজন নাই।

লগতে চাওকঃ

আগতে যি কৰিলে কৰিলে, এতিয়া আৰু সেইবোৰ নকৰিব! নিজ দলৰ বিধায়কক পৰামৰ্শ মুখ্যমন্ত্ৰীৰ, কিন্তু কিয়…

Leave a Comment