fbpx
ৰাষ্ট্ৰীয়অসমীয়া

বাইক-স্কুটী নহয়, শীৰ্ষ স্থানপ্ৰাপ্ত শিক্ষাৰ্থীক হেলিকপ্টাৰত ফুৰাব এইখন ৰাজ্যৰ চৰকাৰে…

নিউজ ডেস্ক। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উৎকৃষ্ট ফলাফল দেখুওৱা কৃতী শিক্ষাৰ্থীক স্কুটী, বাইক বা কম্পিউটাৰ নহয় হেলিকপ্টাৰ ৰাইডৰ সুবিধা প্ৰদান কৰিব ছত্তীশগড় চৰকাৰে।

এই ঘােষণা কৰিছে কংগ্ৰেছ শাসিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলে।

ইপিনে, গ্ৰাম্য এলেকাত জীৱিকা বৃদ্ধিৰ বাবে এইবাৰ গোমূত্ৰ ক্ৰয় কৰিব ছত্তীশগড় চৰকাৰে। ৰাজ্যখনৰ ৯০টা বিধানসভা সমষ্টি ভ্ৰমণ যাত্ৰাৰ মাজতে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ভূপেশ বঘেলে।

G2 5

উল্লেখ্য যে, পূৰ্বেও ছত্তীশগড় চৰকাৰে গৰুৰ গোবৰ ক্ৰয় কৰি আহিছে। কিন্তু এইবাৰ গাঁওবাসীৰ জীৱিকা বৃদ্ধি আৰু আৰ্থিকভাৱে লাভাৱাম্বিত কৰাৰ উদ্দেশ্যে গোমূত্ৰ ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে।

মুখ্যমন্ত্ৰী ভূপেশ বঘেলে সংবাদমেলত ঘোষণা কৰা মতে, চৰকাৰে ক্ৰয় কৰা গোমূত্ৰসমূহ পৰিস্কাৰ কৰাৰ পিছত বিভিন্ন ধৰণৰ ঔষধ নিৰ্মাণত ব্যৱহাৰ কৰা হ’ব।

আনহাতে শিক্ষাৰ্থী সকলক শিক্ষাৰ প্ৰতি অধিক উৎসাহিত কৰাৰ উদ্দেশ্যে দশম আৰু দ্বাদশ শ্ৰেণীৰ শীৰ্ষস্থানপ্ৰাপ্তসকলক হেলিকপ্টাৰৰে যাত্ৰা কৰোৱা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী ভূপেশ বঘেলে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ৯০ টা বিধানসভা ক্ষেত্ৰলৈ এক যাত্ৰা আৰম্ভ কৰিছে।

যোৱা ৪ মে’ৰ পৰা এই যাত্ৰা আৰম্ভ কৰি প্ৰতিটো সমষ্টিত বিভিন্ন চৰকাৰী আঁচনিৰ উদ্বোধন কৰে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!