বাইকেৰে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তৰ অভাৱ-অভিযোগৰ বুজ ল’লে মন্ত্ৰী বিমল বৰাই…

ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰী ৰূপ।
এতিয়াও বানৰ কবলত পৰি শিবিৰত আশ্ৰয় লৈ ভোকে পিয়াহে দিন কটাইছে বন্যাৰ্তই।
ইয়াৰ মাজতে চিৰাং জিলাৰ বিজনীৰ ২ নং ফাগুনাগাঁওস্থিত বান শিবিৰ আৰু খুজৰাপগুৰিৰ আই নৈৰ মথাউৰি পৰিদৰ্শন কৰে ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ মন্ত্ৰী বিমল বৰাই।

লগতে মন্ত্ৰীগৰাকীয়ে বাইকেৰে শিবিৰে শিবিৰে ঘূৰি বন্যাৰ্তৰ অভাৱ-অভিযোগৰ বুজ লয়।
প্ৰায় বিশ দিন ধৰি ২ নং ফাগুনাগাঁও বৰ্মনপাৰাৰ ১২০ টাতকৈও অধিক পৰিয়াল শিবিৰত আৱদ্ধ হৈ থাকিব লগীয়া হোৱাত মন্ত্ৰী গৰাকীয়ে সমস্যা সমাধানৰ বাবে আজি চিৰাং জিলা উপায়ুক্তৰে হ’ব লগীয়া পৰ্যালোচনা সভাত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

মন্ত্ৰীগৰাকীয়ে মটৰচাইকেলত উঠি ২ নং ফাগুনাগাঁও বৰ্মনপাৰা গাঁও পৰিদৰ্শন কৰে।
পৰিভ্ৰমণ কালত বিজনীৰ বিধায়ক, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক, চক্ৰ বিষয়া উপস্থিত থকে।