TRIPURA

বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীৰ মৃত্যু

নিউজ ডেস্ক। বাংলাদেশৰ এজন অবৈধ অনুপ্ৰৱেশকাৰী ভাৰতত প্ৰৱেশ কৰাৰ পিছত সীমান্ত অঞ্চলত হৈছিল আহত। আৰু সেই আহত অনুপ্ৰৱেশকাৰী জন শনিবাৰে পুৱা মৃত্যু হয় চিকিৎসালয়ত।

জানিব পৰা মতে উত্তৰ ত্ৰিপুৰা হৈ অনুপ্ৰৱেশকাৰী জন ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ কৰিছিল আন তিনিজন বাংলাদেশী নাগৰিকৰ সৈতে। কিন্তু পলায় যাওঁতে পিছলি পৰি গুৰুতৰভাৱে আহত হয় সেই অনুপ্ৰৱেশকাৰী জন। তাৰ পিছতেই স্থানীয় লোকে উদ্ধাৰ কৰি তেওঁক ভৰ্তি কৰাইছিল চিকিৎসালয়ত।

ত্ৰিপুৰা বি এছ এফৰ জন সম্পৰ্কৰক্ষী বিষয়াই জনোৱা অনুসৰি, সোনাইচেৰা গাৱঁত চাৰিজন সন্দেহজনক লোকে ১৩ আৰু ১৪ জুনৰ নিশা চালচলন কৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে। সেয়েহে স্থানীয় লোকসকলে তেওঁলোকক ধৰিবলৈ চেষ্টা কৰোঁতে নিশাৰ অন্ধাৰৰ সুযোগ লৈ পলায় যাবলৈ সক্ষম হয় আটাইকেইজন। কিন্তু তাৰে এজনে পলায় যাওঁতে পিছলি পৰি গুৰুতৰভাৱে আঘাত পায়।

স্থানীয় লোকে তেওঁক উদ্ধাৰ কৰি নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ যায় আৰু আৰক্ষীক খবৰ দিয়ে। কিন্তু তেওঁৰ অৱস্থা অতি গুৰুতৰ হোৱাত ধৰ্মনগৰৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু শনিবাৰে পুৱা লোকজনৰ চিকিৎসালয়ত মৃত্যু হয়। লোক জনক সুমন মুণ্ডা (২৭) বুলি চিনাক্ত কৰা হয়। তেওঁ বাংলাদেশৰ মৌলবীবজাৰ জিলাৰ কালামাটি গাঁৱৰ বাসিন্দা বুলি জানিব পৰা যায়।

উত্তৰ ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক ভানুপাদা চক্ৰৱৰ্তীয়ে জনোৱা অনুসৰি, “আমি তেওঁক বাংলাদেশী নাগৰিক বুলি সন্দেহ কৰিছো। এই সন্দৰ্ভত বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো। তেওঁলোকে যদি লোকজন বাংলাদেশৰ নাগৰিক হিচাপে মানি লয় তেন্তে মৃতদেহ প্ৰেৰণ কৰিম, অন্যথা ইয়াতেই শেষকৃত্য সম্পন্ন কৰিম।”

তেওঁ লগতে কয় যে, “১৪ জুনৰ নিশা সুমন মুণ্ডা সহ তিনিজন সীমান্ত অঞ্চলৰ অজয় তাঁতীৰ ঘৰত প্ৰৱেশ কৰি চুৰি কৰিবলৈ চেষ্টা কৰিছিল। সেয়েহে কদমতলা আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰা হৈছে।”

লগতে চাওকঃ

ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাহনৰ মুখামুখি সংঘৰ্ষত এজনৰ মৃত্যু, আহত ৫

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button