
নিউজ ডেস্কঃ অসমত খোপনি পুতিবলৈ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে মৌলবাদী সংগঠনে। ডিজিটেল এপৰ জৰিয়তে অসমৰ চৰাঞ্চল আৰু দুৰ্গম এলেকাসমূহত বৃহৎ নেটৱৰ্ক গঢ়ি তোলাৰ ষড়যন্ত্ৰ ৰচিছে জেহাদী সংগঠনে।
শেহতীয়াকৈ অসম আৰক্ষীয়ে জহুৰা খাতুন নামৰ এগৰাকী মহিলা জেহাদীক ধুবুৰীৰ বিলাসীপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। আৰক্ষীয়ে সদৰী কৰা মতে, বাংলাদেশী মৌলবাদী সংগঠন আনছাৰুল্লাহ বাংলা টীমে অসমত নিজৰ পৰিসৰ বৃদ্ধিৰ বাবে ডিজিটেল এপৰ সহায় লৈছে।
ধুবুৰী জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে সোমবাৰে নিজৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কেতবোৰ বিস্ফোৰক তথ্য প্ৰকাশ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, বাংলাদেশৰ এই মৌলবাদী সংগঠনে অসমৰ চৰাঞ্চল আৰু দুৰ্গম এলেকাসমূহ নিজৰ পৰিসৰ বৃদ্ধিৰ বাবে লক্ষ্য কৰি লৈছে। ইতিমধ্যে ডিজিটেল এপৰ জৰিয়তে এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছে জেহাদী সংগঠনটোৱে।

উল্লেখ্য যে, মৰিগাঁও জিলাৰ মৈৰাবাৰীত গ্ৰেপ্তাৰ হোৱা জেহাদীৰ সৈতে জড়িত থকা বাংলাদেশৰ আনছাৰুল্লাহ বাংলা টীমৰ সক্ৰিয় সদস্য আবু তাল্লাহৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অনুসন্ধানৰ সময়ত দেওবাৰে ধুবুৰীৰ বিলাসীপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আবু তাল্লাহৰ পত্নী জহুৰা খাতুনক।
মহিলা জেহাদীগৰাকীক নায়েব আলগা ২য় খণ্ড গাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত ৪টা মোবাইল ফোনৰ লগতে বহু পৰিমানৰ আপত্তিজনক নথি-পত্ৰও জব্দ কৰিছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জব্দকৃত এণ্ড্ৰইড ফোনৰ জৰিয়তেই আনছাৰুল্লাহ বাংলা টীমৰ নেটৱৰ্কৰ সৈতে জড়িত হৈ আছিল জহুৰা খাতুন। অন্যহাতে আৰক্ষীৰ এই অভিযানৰ পূৰ্বেও তেওঁ মোবাইল ফোন জ্বলাই দি ধ্বংসৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে মোবাইল হেণ্ডছেটৰ কিছু অংশ উদ্ধাৰ কৰি ফৰেণছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
অন্যহাতে জহুৰা খাতুনে মৌলবাদী সংগঠনক লৈ বিস্ফোৰক তথ্য প্ৰকাশ কৰাৰ পিছতে অসমৰ চৰাঞ্চলসমূহত নিৰাপত্তা বৃদ্ধি কৰা হব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে।