বহু দিনৰ বহু লোকৰ স্মৃতি জড়িত জনছনৰ বেবী পাউডাৰ আৰু নাপাব বজাৰত…

অতীত হ’ব জনছন বেবী পাউদাৰ।

বহু দিনৰ বহু লোকৰ স্মৃতি জড়িত জনছনৰ বেবী পাউডাৰ নাইকিয়া হব বজাৰৰ পৰা।

বেবী পাউডাৰ প্ৰস্তুত কৰা বিখ্যাত কোম্পানী জনছন এণ্ড জনছনে আৰু উৎপাদন নকৰে বিশ্বজুৰি সৰ্বাধিক ব্যৱহাৰ কৰা এই পাউদাৰবিধ।

আমেৰিকা আৰু কানাডাত ২০২০তেই এই পাউদাৰ বিধৰ ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। তাৰ পাছত ২০২৩ত সমগ্ৰ বিশ্বতেই ইয়াৰ বিক্ৰী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই পাউদাৰ ব্যৱহাৰ কৰিলে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি বুলি এক গৱেষণাত প্ৰকাশ কৰাৰ পাছতে পাউদাৰত থকা ৰাসায়নিক দ্ৰব্যক লৈ উদ্বেগ ব্যক্ত কৰিছিল আমেৰিকাৰ বিজ্ঞানীয়ে।

তাৰ পাছতেই পাউদাৰবিধৰ ব্যৱহাৰক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। পাউদাৰ বিধত আছে প্ৰাকৃতিকগতভাৱে পোৱা চিলিকেট নামৰ মিনাৰেল। যি শৰীৰৰ বাবে হানিকাৰক।

অৱশ্যে সুখবৰটো হ’ল যে এই পাউদাৰবিধ বন্ধ কৰিলেও ইয়াৰ স্থান ল’ব পৰা আন এবিধ পাউদাৰ অচিৰেই বজাৰত মুকলি কৰিব কোম্পানীটোৱে।

কোম্পানীটোৱে এতিয়া টেল্ক-আধাৰিত পাউডাৰৰ পৰিৱৰ্তে ষ্টাৰ্চ-আধাৰিত পাউডাৰ প্ৰস্তুত কৰিব।

টাল্ক হৈছে এক প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা খনিজ। ইয়াৰ পৰা তৈয়াৰ কৰা পাউডাৰক টেলকাম পাউডাৰ বুলি কোৱা হয়। ই মেগনেছিয়াম, চিলিকন, অক্সিজেন আৰু হাইড্ৰজেনৰ দ্বাৰা গঠিত। ইয়াক প্ৰসাধনত ব্যৱহাৰ কৰা হয়। ইয়াত আৰ্দ্ৰতা শোষণ কৰাৰ বৈশিষ্ট্য আছে।