বহুমহলীয়া ল’জত ভয়ংকৰ অগ্নিকাণ্ডত ৮ জনৰ মৃত্যু, চিকিৎসাধীন ৬ জন

নিউজ ডেস্ক। এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ’ল ৮ জন লােকৰ।

এই শােকাৱহ ঘটনা সংঘটিত হ’ল তেলেংগানাৰ ছেকেন্দ্ৰাবাদ চহৰত।

ছেকেন্দ্ৰাবাদৰ ম’ণ্ডা মাৰ্কেট এলেকাত অৱস্থিত ৰুবি প্ৰাইড নামৰ এটা ল’জত সংঘটিত হয় এই অগ্নিকাণ্ড।

জানিব পৰা মতে, বহুমহলীয়া অট্টালিকাখনৰ তলৰ মহলাত থকা ই-বাইকৰ শ্ব’ৰূমত প্ৰথমে জুইৰ সূত্ৰপাত ঘটে।

G2 5
বহুমহলীয়া ল’জত ভয়ংকৰ অগ্নিকাণ্ডত ৮ জনৰ মৃত্যু, চিকিৎসাধীন ৬ জন 2

পৰৱৰ্তী সময়ত ই-বাইকৰ শ্ব’ ৰূমৰ পৰা জুই অট্টালিকাটােৰ অন্য মহলালৈ বিয়পি পৰে।

ফলত এই ঘটনাত ল’জত থকা ৮ জন লােকৰ মৃত্যু হয়।

লগতে অন্য ৬ জন লােক সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন বুলি জানিব পৰা গৈছে।

সােমবাৰে নিশা প্ৰায় ৯.৩০ বজাত জুইৰ সূত্ৰপাত ঘটাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ কেবাখনাে বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।