বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক কৰ সংগ্ৰহৰ নিবিদা বাতিল গুৱাহাটী পৌৰ নিগমৰ…

অৱশেষত বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক কৰ সংগ্ৰহৰ নিবিদা বাতিল কৰিলে গুৱাহাটী পৌৰ নিগমে।

ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছতে অৱশেষত সিদ্ধান্ত বাতিল কৰে GMC য়ে।

পৌৰ নিগমৰ এলেকাধীন বাসিন্দাৰ সম্পত্তি কৰ আদায় কৰাৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানক অৰ্পন কৰাৰ বাবে নিবিদা প্ৰদান কৰাৰ পিছতে গুৱাহাটীৰ পৌৰ নিগমৰ এলেকাধীন সমষ্টিৰ বিধায়কে বিৰোধীতা কৰাৰ লগতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

গুৱাহাটীৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘালে যুক্তি প্ৰদান কৰি কৈছিল যে, গুৱাহাটীত বাস কৰা ৪০ শতাংশ লোকেই সম্পত্তি কৰ আদায় নিদিয়ে। যাৰ বাবে কৰ কাটল আদায় কৰিবলৈ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক দায়িত্ব অৰ্পন কৰাৰ চিন্তা চৰ্চা কৰা হৈছে।

কিন্তু এই পদক্ষেপক শাসকীয় দলৰ গুৱাহাটীৰ পৌৰ নিগমৰ এলেকাধীন সমষ্টিৰ একাধিক বিধায়কে কৰিছিল তীব্ৰ বিৰোধিতা।

আনকি পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী অশোক সিংঘালৰ পদত্যাগৰ দাবী উত্থাপন কৰিছিল।

এই সন্দৰ্ভত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰায়ো তীব্ৰ বিৰোধীতা কৰিছিল এই সিদ্ধান্তক।

ইয়াৰ পিছতে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক কৰ সংগ্ৰহৰ নিবিদা প্ৰদানৰ সিদ্ধান্ত বাতিল কৰে গুৱাহাটী পৌৰ নিগমে।