Fri. Jan 15th, 2021

নিউজ ডেস্ক। বহিঃৰাজ্যত আৰক্ষীৰ শীৰ্ষ পদত অধিষ্ঠিত হৈছে এগৰাকী অসম সন্তান।

ৰাজস্থানৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান নিযুক্ত অসমৰ সঞ্জীৱ নাৰ্জাৰী।

কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ ভাওৰাগুৰিৰ বাসিন্দা সঞ্জীৱ নাৰ্জাৰী।

জানিব পৰা মতে, ৰাজস্থান কেডাৰৰ ১৯৯৬চনৰ আই পি এছ অফিচাৰ নাৰ্জাৰী।

২০২০ চনৰ ৬ জুলাই তাৰিখে তেখেত ৰাজস্থান জয়পুৰৰ আৰক্ষী মহানিৰীক্ষকৰ পদত অধিস্থিত হৈছিল।

ইয়াৰ পাছত ২০২১ৰ প্ৰথম দিনটোতে আৰক্ষী মহানিৰীক্ষকৰ পদৰ পৰা ৰাজস্থানৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পদলৈ উন্নিত হয় নাৰ্জাৰী।