বহিঃৰাজ্যলৈ কাম বিচাৰি গৈ ভুলবশতঃ পাকিস্তান পালেগৈ অসমৰ এইগৰাকী ব্যক্তি, পৰিয়ালত হাহাকাৰ

বহিঃৰাজ্যলৈ কাম বিচাৰি গৈ ভুলবশতঃ পাকিস্তান পালেগৈ অসমৰ এগৰাকী ব্যক্তি।

অসম অভিমুখী ৰে’লৰ পৰিৱৰ্তে ভুলতে উঠিল পাকিস্তানী অভিমুখী ৰে’লত।

ব্যক্তিগৰাকী হৈছে চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেলেংগাঁওস্থিত মনোজ ওজা।

জানিব পৰা মতে, এমাহৰ পূৰ্বে ৰাজস্থানত কাম কৰিবলৈ বুলি চেলেংগাঁওস্থিত ঘৰৰপৰা গৈছিল মনোজ ওজা।

325
বহিঃৰাজ্যলৈ কাম বিচাৰি গৈ ভুলবশতঃ পাকিস্তান পালেগৈ অসমৰ এইগৰাকী ব্যক্তি, পৰিয়ালত হাহাকাৰ 3

এমাহৰ অন্তত ৭ জুলাই তাৰিখে তেখেতে ঘৰলৈ বুলি ৰাওনা হোৱাৰ উদ্দেশ্যে জয়পুৰ ৰেল ষ্টেচনত উপস্থিত হয়।

কিন্তু লোকজনে দিকবিদিক হেৰুৱাই পাকিস্তান অভিমুখী ট্ৰেইন এখনত উঠে। ইপিনে ৰে’ল ষ্টেচনতে থাকি যায় পৰিচয় পত্ৰ, আধাৰ কাৰ্ডৰ বেগটো।

পৰৱৰ্তী সময়ত জয়পুৰ ৰেল ষ্টেচন কৰ্তৃপক্ষই উদ্ধাৰ কৰে মনোজ ওজাৰ বেগটো।

বেগটোত থকা আধাৰ কাৰ্ডৰপৰা ফোন নম্বৰ সংগ্ৰহ কৰি ঘৰৰ লগত যোগাযোগ কৰাত ঘটনা সন্দৰ্ভত জানিব পাৰে পৰিয়ালৰ লোকসকলে।

ইয়াৰ পাছতেই যোৱা ৮ জুলাইত মনোজে আন এজন লোকৰ মোবাইল ফোনৰপৰা ঘৰলৈ ফোন কৰি তেখেত পাকিস্তান সীমান্তত থকা বুলি জানিবলৈ দিয়ে আৰু তেখেতক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায়।

ইয়াৰ পিছে হাহাকাৰ লাগে পৰিয়ালৰ মাজত।

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত কাকতিবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে যদিও এতিয়ালৈকে কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰা নাই মনোজ ওজাৰ পৰিয়ালে।

লগতে চাওকঃ

মৰ্মান্তিক! বালিৰ ছুইমিং পুলত মৃত্যু গুৱাহাটী এইমছৰ ছাত্ৰ নিৰ্ণয় শৰ্মাৰ…

G03
বহিঃৰাজ্যলৈ কাম বিচাৰি গৈ ভুলবশতঃ পাকিস্তান পালেগৈ অসমৰ এইগৰাকী ব্যক্তি, পৰিয়ালত হাহাকাৰ 4

1 thought on “বহিঃৰাজ্যলৈ কাম বিচাৰি গৈ ভুলবশতঃ পাকিস্তান পালেগৈ অসমৰ এইগৰাকী ব্যক্তি, পৰিয়ালত হাহাকাৰ”

Comments are closed.