অসম

বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ বোৱাৰীৰ, সেনাবাহিনীত কৰ্মৰত স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ…

এক ৰহস্যজনক ঘটনা।

বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ এগৰাকী বোৱাৰীৰ।

তিনিচুকীয়াৰ এগৰাকী নৱ বিবাহিতা বোৱাৰী মিজোৰামত ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য।

মৃত মহিলাগৰাকী জাগুনৰ চানীয়া চেত্ৰী বুলি জানিব পৰা গৈছে।

বিগত ১৩ অক্টোবৰ তাৰিখে মিজোৰামত ৰহস্যজনকভাৱে আত্মহত্যা কৰা ঘটনাই সহজভাৱে ল’ব পৰা নাই বোৱাৰীগৰাকীৰ পৰিয়ালে।

মৃত চানীয়া চেত্ৰীৰ পৰিয়ালে চাৰিমেল উদয়পুৰৰ স্বামী প্ৰশান্ত কাটোৱালে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

সেনা বাহিনীত কৰ্মৰত প্ৰশান্ত কাটোৱালে হত্যা কৰাৰ পৰিকল্পনাৰে মিজোৰামৰ কোৱাৰ্টাৰলৈ লৈ যোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়াবৰ্গই।

ইতিমধ্যে ঘটনা সন্দৰ্ভত লেখাপানী আৰক্ষী চকীত এখন এজাহাৰ দাখিল উচিত ন্যায়ৰ দাবী কৰিছে পৰিয়ালৰ লোকে।

Related Articles

Back to top button