বহিঃৰাজ্যত ব্যৱসায়ী সূত্ৰে পাব লগা ধন আদায় কৰিবলৈ গৈ সন্ধানহীন অসমৰ ব্যৱসায়ী…

বহিঃৰাজ্যত ব্যৱসায়ী সূত্ৰে পাব লগা ধন আদায় কৰিবলৈ গৈ সন্ধানহীন অসমৰ ব্যৱসায়ী।

ডিমাপুৰত সন্ধানহীন উমৰাংছ’ৰ এগৰাকী ব্যৱসায়ী।

ডিমাপুৰৰ এজন লোকৰ পৰা পাব লগা ধন আদায় কৰিবলৈ গৈ নিৰুদ্দেশ হয় ব্যৱসায়ী দীপক ৰেংমি।

জানিব পৰা মতে, দীপক ৰেংমি নামৰ যুৱকজন শুকুৰবাৰে ওলাই গৈছিল ঘৰৰ পৰা। কিন্তু ডিমাপুৰ পোৱাৰ পিছৰ পৰা মোবাইল বন্ধ হৈ পৰে দীপকৰ।

জানিব পৰামতে যোৱা ৭ অক্টোবৰৰ ৰাতিপুৱা প্ৰায় ৬.৩০ মান বজাত ডিমাপুৰলৈ গৈছিল দীপক।

উক্ত দিনাই সন্ধিয়া পত্নীক লোকজনক লগ নোপোৱাৰ খবৰ কৰাত পত্নীয়ে মাহীয়েক বা হোটেলত এদিন থাকি লোকজনক লগ কৰি আহিবলৈ আহ্বান জনায়।

কিন্তু তাৰ পিছৰে পৰাই ব্যৱসায়ী দীপকৰ সৈতে বন্ধ হৈ পৰে যোগাযোগ।