অসম

বহিঃৰাজ্যত বন বিভাগৰ অভিযানত জব্দ অসমৰ পৰা চালান দিয়া বাৰ্মিজ চেগুন, অসমৰ তিনিজনক গ্ৰেপ্তাৰ

বহিঃৰাজ্যত বন বিভাগৰ অভিযানত জব্দ অসমৰ পৰা চালান দিয়া বাৰ্মিজ চেগুন।

পশ্চিমবংগৰ বন বিভাগৰ অভিযান জব্দ ডেৰ কোটি টকা মূল্যৰ বাৰ্মিজ চেগুন, পাঁচজনক গ্ৰেপ্তাৰ।

পশ্চিমবংগৰ শিলিগুৰিত বন বিভাগে জব্দ কৰিছে অসমৰ পৰা চোৰাংভাৱে চালান দিয়া ডেৰ কোটি টকাৰ বাৰ্মিজ চেগুন।

বন বিভাগে নিশা অভিযান চলাই শিলিগুৰিৰ ঘোচপুকুৰত এখন স্ক’ৰপিঅ’ আৰু ট্ৰাকত তালাচী চলাই এই বৃহৎ পৰিমাণৰ বাৰ্মিজ চেগুন জব্দ কৰিবলৈ সক্ষম হয়।

ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছে সৰভোগৰ এগৰাকী বিজেপি নেতাসহ গুৱাহাটীৰ দুই চোৰাং ব্যৱসায়ী।

উত্তৰবংগৰ বন বিভাগৰ হাতত গ্ৰেপ্তাৰ হৈছে- গুৱাহাটীৰ মানৱজ্যোতি মহন্ত, বিদ্যুৎ ভৰালী আৰু বৰপেটা জিলাৰ সৰভোগৰ বিজেপি সংখ্যালঘু মৰ্চাৰ নেতা আমজাদ খান, হাৰিয়ানাৰ ছাৰণ খান আৰু আৰবাজ খান।

জানিব পৰা মতে, চিমেণ্টৰ বস্তা আৰু তুঁহৰ তলত এই কোটি টকাৰ চেগুন কাঠৰ কুণ্ডাসমূহ লুকুৱাই অনা হৈছিল। চোৰাং কাঠ কঢ়িওৱা ট্রাকখনৰ আগে আগে আহিছিল এ এছ-০১ ডি কিউ ৫৬৩৭ নম্বৰৰ ৰঙা ৰঙৰ স্কৰপিঅ’ এখন।

স্ক’ৰপিঅ’খনত আছিল গুৱাহাটীৰ মানৱজ্যোতি মহন্ত, বিদ্যুৎ ভৰালী আৰু আমজাদ খান। বন বিভাগে প্রথমে স্ক’ৰপিঅখন জব্দ কৰে আৰু ইয়াৰ পিচতে এইচ আৰ-৫৫ টি ২৬৭৩ নম্বৰৰ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত চেগুন কাঠৰ কুণ্ডাসমূহ অসমৰ পৰা নাগপুৰলৈ চালান দিয়াৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ৰাজ্যৰ চাৰিসীমা নিৰাপদে পাৰ হৈ যোৱা ডেৰ কোটি টকাৰ চেগুন কাঠ কঢ়িওৱা ট্রাক পশ্চিমবংগৰ বন বিভাগে জব্দ কৰা ঘটনাই অসমৰ বন বিভাগৰ ব্যৰ্থতাকে প্ৰতিপন্ন কৰিছে।

এটা সু-সংগঠিত ছিণ্ডিকেটৰ মাধ্যমেৰে মানৱজ্যোতি মহন্ত, বিদ্যুৎ ভৰালী আৰু আমজাদ খানে অসমৰ পৰা মহাৰাষ্ট্ৰলৈ এইদৰে বাৰ্মিজ চেগুনকে ধৰি অন্যান্য মূল্যৱান চোৰাং কাঠ চালান দি অহা বুলিও অভিযোগ উঠিছে।

Related Articles

Back to top button