অসম

বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকক নৃশংস হত্যা দুৰ্বৃত্তৰ, গুৰুতৰভাৱে আহত ৪জন…

বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকক নৃশংস হত্যা দুৰ্বৃত্তৰ।

ভাৰাঘৰৰ ভিতৰতে আক্ৰমণৰ বলি হৈ মৃত্যু হোৱাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ৷

তামিলনাডুৰ শ্ৰীপেৰামবাদুত চাঞ্চল্যকৰ হত্যাকাণ্ডত নিহত হোৱা যুৱকজন কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ আব্দুল হাছিম বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি তামিলনাডুত কৰ্মৰত অসম আৰু পশ্চিম বংগৰ কেইবাগৰাকীও যুৱকক ঘৰৰ ভিতৰতে স্থানীয় দুৰ্বৃত্তই কৰা আক্ৰমণত এজন যুৱক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন ৪ যুৱক।

ইতিমধ্যে, ৰাজীৱ গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত যুৱক কেইজনক।

উল্লেখ্য যে, ত্ৰিপুৰাৰ অবিনাশ মালাকাৰ নামৰ এজন যুৱকে কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যে তামিলনাডুলৈ লৈ গৈছিল যুৱকজনক।

মঙলবাৰ নিশাই এই ঘটনা সংঘটিত হয় যদিও হত্যাকাৰীৰ ভয়তে আনকেইগৰাকী আহত যুৱকো আৰক্ষীৰ কাষ চপা নাই বুলি তথ্য লাভ কৰা গৈছে।

ইফালে, দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হোৱা হাছিমৰ পৰিয়ালে স্থানীয় বদৰপুৰ আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীৰ পৰা কোনোধৰণৰ সহযোগিতা লাভ নকৰাৰ অভিযোগ তুলিছে।

দুৰ্ভগীয়া পৰিয়ালটোৱে পুত্ৰৰ ন্যায়ৰ দাবীৰে তথা মৃতদেহ অসমলৈ অনাত সহায়-সহযোগিতা কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

লগতে চাওকঃ

আবেগিক মুহূৰ্ত! শ্বহীদ জােৱানৰ ভগ্নীৰ বিয়াত ভাতৃৰ সমস্ত দায়িত্ব পালন সতীৰ্থ জোৱানৰ

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button