বহিঃৰাজ্যত আত্মগোপন কৰি থকা দুৰ্ধৰ্ষ গঁড় চিকাৰী ৰচিদুল হ’কক গ্ৰেপ্তাৰ…

 বন বিভাগৰ জালত দুৰ্ধৰ্ষ গঁড় চিকাৰী।

বিশ্বনাথৰ বন বিভাগৰ জালত বহিঃৰাজ্যত আত্মগোপন কৰি থকা দুৰ্ধৰ্ষ গঁড় চিকাৰী চতিয়াৰ ৪ নং ভোজমাৰীৰ ৰচিদুল হ’ক।

২০১৮ চনৰ জুন মাহত কাজিৰঙাত সংঘটিত গঁড় হত্যাৰ লগত জড়িত আছিল ৰচিদুল।

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত তিনি বছৰ ধৰি কেৰালাত আত্মগোপন কৰি আছিল ৰচিদুলে।

দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকা ৰচিদুলে অসমলৈ আহি ঘৰৰ পৰা ডেৰ কিলোমিটাৰ নিলগৰ এখন বিলত টঙীঘৰ বনাই আত্মগোপন কৰি আছিল।

এই ক্ষেত্ৰত তেওঁক সুৰক্ষা প্ৰদান কৰিছিল স্থানীয় দুগৰাকী লোকে।

কিন্তু বন বিভাগে লাভ কৰা গোপন তথ্যৰ ভিত্তিত দুৰ্ধৰ্ষ চিকাৰীজনক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।