ব’হাগ বিহুৰ পূৰ্বে সম্পূৰ্ণ হ’ব মালিগাঁৱৰ উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্যঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ পূজাৰ প্ৰাকক্ষণত আৰ্য্যনগৰ উৰণীয়া সেতু উদ্বোধন কৰি আন এক আশাৰ খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আগন্তুক ব’হাগ বিহুৰ পূৰ্বে মালিগাঁওত নিৰ্মীয়মান উৰণীয়া সেতুখন উদ্বোধন কৰাৰ আশা ব্যক্ত মুখ্যমন্ত্ৰীৰ।

ব’হাগ বিহুৰ পূৰ্বে নোৱাৰিলে অহাবছৰ শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে সেতুখন উদ্ধোধন কৰা হোৱাটো নিশ্চিত বুলি মন্তব্য মুখ্যমন্ত্ৰাী শৰ্মাৰ।

উল্লেখ্য যে, মালিগাঁৱত নিৰ্মাণ কৰি থকা হৈছে এখন প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতু।