বলীউডৰ ছুপাৰষ্টাৰ ৰজনীকান্তলৈ চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ ‘দাদা চাহেব ফাল্কে’ বঁটা…

অভিনেতা ৰজনীকান্তলৈ চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ দাদা চাহেব ফাল্কে বঁটা।

ভাৰতীয় চলচ্চিত্ৰৰ এই সৰ্বশ্ৰেষ্ঠ বঁটা ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰজনীকান্তক প্ৰদান কৰা হয়।

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে বঁটা প্ৰদান কৰে তেওঁক।

জ্যেষ্ঠ অভিনেতাগৰাকীয়ে নিজ হাতে এই সন্মান গ্ৰহণ কৰে।

অনুষ্ঠানটোত ভাষণ দি ৰজনীকান্তে তেওঁৰ গুৰু কে বলচন্দৰ, তেওঁৰ জ্যেষ্ঠ ভাতৃ সত্যনাৰায়ণ গায়কৱাড় আৰু তেওঁৰ শ্ৰেষ্ঠ বন্ধু ৰাজ বাহাদুৰক তেওঁৰ এই বঁটা উৎসৰ্গা কৰে।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰজনীকান্তৰ পত্নী লতা, জীয়ৰী সৌন্দৰ্য ৰজনীকান্ত আৰু জোঁৱায়েক মাই ধনুষ উপস্থিত থাকে।

উল্লেখ্য যে, ৰজনীকান্তে ১৯৭৫ চনত চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।

তদুপৰি অভিনেতা সুশান্ত সিং ৰাজপুতৰ ‘চিচোৰে’ ছবিখনে লাভ কৰে শ্ৰেষ্ঠ ছবিৰ সন্মান।

মনোজ বাজপেয়ী আৰু ধনুশে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।

কংগনা ৰাণাৱটলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।উল্লেখ্য যে, কংগণা ৰাণাৱটে চতুৰ্থবাৰলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।কংগনাই মণিকৰ্নিকা আৰু পাংগা নামৰ দুখন ছবিৰ বাবে এই বঁটা লাভ কৰে।

অক্ষয় কুমাৰৰ ছবি কেশৰীৰ গীত তেৰী মিট্টিৰ বাবে বী প্ৰাকে লাভ কৰে শ্ৰেষ্ঠ প্লেবেক চিংগাৰ(পুৰুষ)ৰ সন্মান।

Leave a Comment