বলিউডৰ কণ্ঠশিল্পী শংকৰ মহাদেৱনে কণ্ঠদান কৰা অসমীয়া হোলীগীত মুকলি…VDO

ৰঙৰ উৎসৱ হোলীলৈ মাজত মাত্ৰ আৰু দুটা দিন বাকী।

স্বকীয়তা বহন কৰি অহা অসমীয়া হোলীগীতসমূহে অসমীয়া গীতি-সাহিত্য আৰু সংগীত জগতলৈ উল্লেখনীয় অৱদান আগবঢ়াই আহিছে।

হোলীৰ প্ৰাকক্ষণত বৰপেটাত মুকলি কৰা হ’ল বলিউডৰ কণ্ঠশিল্পী শংকৰ মহাদেৱনে কণ্ঠদান কৰা অসমীয়া হোলীগীত।

মঙলবাৰে দুপৰীয়া বৰপেটা চহৰৰ মাংগলিক বিবাহ ভৱনত গীতটো আনুষ্ঠানিকভাৱে মুকলি কৰে বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণীন্দ্র নাথ দাস, কবি ধ্ৰুৱ কুমাৰ তালুকদাৰ আৰু গীতিকাৰ কুশল কুমাৰ বায়নে।

উল্লেখ্য যে, শংকৰ মহাদেৱনে সামাজিক মাধ্যমযোগে বৰপেটাত প্ৰচলিত হোলীগীত আৰু ইয়াৰ পৰিৱেশনশৈলীৰ বিষয়ে জানিব পাৰি গীতবোৰ সুন্দৰ আৰু অনবদ্য বুলি অভিমত প্ৰকাশ কৰে আৰু ইয়াত কণ্ঠদান কৰাৰ বাবে আগ্রহ কৰে।

শংকৰ মহাদেৱনে কণ্ঠদান কৰা এইটো প্রথম অসমীয়া গীত।

‘বসন্ত কালক মূল উপজীব্য কৰি লাহে লাহে বসন্ত আহে, নবীন কুসুমে আজি পাহি মেলি হাঁহে’ ‘শীর্ষক গীতটি ৰচনা কৰিছে গল্পকাৰ, কবি তৃষ্ণা লহকৰে।

এই গীতটোত সুৰাৰোপ কৰিছে হোলীগীতৰ জনপ্ৰিয় শিল্পী প্রমথ ৰঞ্জন কণ্টিয়ে।

শংকৰ মহাদেৱনৰ সহযোগী শিল্পীৰূপে কণ্ঠ দিছে মেঘদ্বীপ দেউৰী, ডিজু বসুমতাৰী, সৌৰভ দাস আৰু দীপজ্যোতি দাসে, ঢোলক সংগত কৰিছে ভাস্কৰজ্যোতি ওজা আৰু পাণ্ডব কৃষ্ণ দাস আৰু হিতেশ ডেকাই।

বাঁহী বজাইছে পৰমেশ্বৰ বসুমতাৰী, ভায়োলিনেৰে গীতটোক প্ৰাণৱন্ত কৰি তুলিছে স্বনামধন্য সংগীতজ্ঞ মনোজ বৰুৱাই। য়োহানা প্ৰডাকচনৰ বেনাৰত গীতটো প্রযোজনা কৰিছে ডাঃ অৰুণ কুমাৰ পাঠকে।

আশা কৰা হৈছে, পদ্মশ্ৰী বঁটাৰে বিভূষিত, ভাৰতীয় চলচ্চিত্ৰ জগতৰ বিখ্যাত সংগীত পৰিচালক যুটী শংকৰ-এহচান-লয়ৰ অন্যতম শংকৰ মহাদেৱনৰ কণ্ঠৰ এই গীতটোৰ দ্বাৰা অসমীয়া হোলীগীতৰ অন্য এক জয়যাত্ৰা আৰম্ভ হ’ব।

Leave a Comment