
নিউজ ডেস্কঃ মহিলা শিষ্যক ধৰ্ষণৰ গোচৰত কাৰাবন্দী হৈ থকা স্বয়ম্ভূ ভগৱান আশাৰাম বাপুক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ।
মঙলবাৰে গুজৰাটৰ গান্ধীনগৰৰ সত্ৰ ন্যায়াধীশৰ আদালতে আজীৱন কাৰাবাস বিহে বলাৎকাৰী ধৰ্মগুৰু আশাৰাম বাপুক।
আদালতে এই শাস্তি বিহি কয় যে আশাৰামে সমাজৰ বিৰুদ্ধে অতি গুৰুতৰ অপৰাধ সংঘটিত কৰিছে আৰু ধৰ্মীয় লোকৰ শোষণ বন্ধ কৰিবলৈ তেওঁক এই শাস্তি বিহাটো প্ৰয়োজনীয়।
অতিৰিক্ত সত্ৰ ন্যায়াধীশ ডি কে ছ’নীয়ে আশাৰামক ৫০ হাজাৰ টকাৰ জৰিমনা আদায় দিবলৈও নিৰ্দেশ দিয়ে।
উল্লেখ্য যে, আশাৰাম বাপুৰ বিৰুদ্ধে ২০১৩ চনত বলাৎকাৰৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী মহিলা শিষ্যাই।
মহিলাগৰাকীৰ অভিযোগ অনুসৰি, ২০০১ চনৰ পৰা ২০০৬ চনলৈ তেওঁৰ লগতে আশ্ৰমৰ ৬ গৰাকী মহিলাক বলাৎকাৰ কৰি কাৰাগাৰৰ ভিতৰত বন্দী কৰি ৰাখিছিল স্বয়ম্ভূ ভগৱান আশাৰাম বাপুৱে।