fbpx
অসমঅসমীয়া

বয়সেও বাধা দিব নোৱাৰে তেওঁক! চাইকেল লৈ বাংলাদেশলৈ অসমৰ পৰা যাত্ৰা আৰম্ভ ৭৫ বৰ্ষীয় নবীন চন্দ্ৰ দত্তৰ…

নিউজ ডেস্কঃ এগৰাকী ৭৫ বৰ্ষীয় চিৰ তৰুণ তেওঁ।

বয়সৰ বাধাক কেৰেপ নকৰি সু-স্বাস্থ্য, প্ৰদূষণমুক্ত পৰিৱেশ, যানজঁট ৰোধ, দেশৰ অৰ্থনীতি সুৰক্ষা আদি বিষয়ক লৈ চাইকেল চলাই মানুহৰ মাজত সজগতাৰ সৃষ্টিৰ প্ৰয়াস কৰি আহিছে তেওঁ।

২০১৮ চনৰ পৰাই চাইকেলেৰে মানুহৰ মাজলৈ যাত্ৰা আৰম্ভ কৰা এইগৰাকী চিৰ তৰুণ ব্যক্তিয়ে এইবাৰ চাইকেল লৈ যাত্ৰা আৰম্ভ কৰিছে বাংলাদেশলৈ।

ঢেকিয়াজুলিৰ সোণাৰি গাঁৱৰ নিৱাসী ৭৫ বৰ্ষীয় নবীন চন্দ্ৰ দত্তই বুধবাৰে বাংলাদেশলৈ বুলি চাইকেল যাত্ৰা আৰম্ভ কৰে।

তেওঁৰ এই যাত্ৰাৰ আৰম্ভণিত পুৱা যোৰহাট চাইকেল ব্যৱহাৰ সজাগতা সমিতিৰ উদ্যোগত দত্তক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়।

ইয়াৰ পাছতেই স্থানীয় তুৱাকান্ত নাট্য মঞ্চত ঢেকিয়াজুলি যুৱক সংঘৰ তৰফৰ পৰা ডবা-উৰুলি ধ্বনিৰে বহুসংখ্যক ৰাইজে দত্তক বাংলাদেশ যাত্ৰাৰ আশিস প্রদানেৰে শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ্য যে অলপতে এজন বন্ধুৰ স’তে চাইকেলেৰে দিল্লী ভ্রমণ সামৰণি মৰা দত্তই ২০২০ত ৰাজ্যখনৰ শদিয়াৰ পৰা ধুবুৰীলৈ চাইকেল যাত্ৰা কৰিছিল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!