বিমান বন্দৰত কেবৰ পৰা নামি ভাড়া নিদিয়াকৈ খৰখেদাকৈ গুচি গ’ল গুগলৰ প্ৰাক্তন পৰিচালন সঞ্চালক, তাৰ পিছত…

নিউজ ডেস্কঃ কেতিয়াবা খৰখেদা হ’লে গাড়ীৰ পৰা নামি চালকক গাড়ীৰ ভাড়া দিবলৈ পাহৰাটো নতুন কথা নহয়।

বিশেষকৈ বিমান বন্দৰত অনেক যাত্ৰীয়েই কেবৰ পৰা নামি ভাড়া দিবলৈ পাহৰি যায়। কাৰণ সেই সময়ত যাবলগীয়া বিমানখন সময়তে নোপোৱাৰ বহুতৰে খৰখেদা লাগে।

কিন্তু গুগলৰ এগৰাকী প্ৰাক্তন পৰিচালন সঞ্চালকে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এনেধৰণৰ এটা অভিজ্ঞতাই এতিয়া লাভ কৰিছে চৰ্চা।

বিশেষকৈ কেবৰ ভাড়া দিবলৈ পাহৰি যোৱাৰ পিছত কেব চালকজনে দিয়া প্ৰত্যুত্তৰে এতিয়া মন চুইছে নেট ব্যৱহাৰকাৰীৰ।

গুগল আৰু টুইটাৰৰ দৰে কোম্পানীৰ পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰৱাসী ভাৰতীয় পৰমিন্দৰ সিঙে টুইটাৰত শ্বেয়াৰ কৰিছে নিজৰ এটা অভিজ্ঞতা।

এই টুইটটোৰে তেওঁ সেই কেব চালকজনৰো প্ৰশংসা কৰে, যাক তেওঁ কেবৰ ভাড়া দিবলৈ পাহৰি যোৱাৰ পিছতো শালীনতাপূৰ্ণ প্ৰত্যুত্তৰ দিছিল।

সিঙে এটা টুইটযোগে কয় যে কেব চালকজনে উপলব্ধি কৰিছিল যে তেওঁ খৰখেদাকৈ বিমানবন্দৰলৈ গৈ আছে আৰু তেওঁ ভাৰতত নাথাকে।

পিছত যেতিয়া পৰমিন্দৰ সিঙে চালকজনলৈ ফোন কৰি ভাড়াখিনি অনলাইন ট্ৰান্সফাৰ কৰিব বিচাৰিছিল, তেতিয়া মিতভাষী কেব চালকজনে যি উত্তৰ দিছিল, সিয়ে এতিয়া সকলোৰে মন জয় কৰিছে।

সিঙে লিখিছে, ‘মৃদুভাষী কেব চালকজনে আমাক দিল্লী বিমানবন্দৰত নমাই দিয়ে। কিন্তু খৰখেদা হোৱাৰ বাবে আমি টকা নিদিয়াকৈ গুচি গ’লোঁ৷ পিছত মনত পৰাত তেওঁলৈ ফোন কৰি দুখ ব্যক্ত কৰাৰ লগতে টকাখিনি কেনেকৈ দিব পাৰি, সেই সন্দৰ্ভত সুধিলো।’’

তেওঁ উত্তৰ দিলে, ‘’কোনো কথা নাই, পিছত কেতিয়াবা লৈ ল’ম।’’ আনকি ভাড়া কিমান হৈছে সেয়াও মোক তেওঁ নকলে। তেওঁ জানিছিল যে আমি ভাৰতত নাথাকো। তথাপিও তেওঁ দেখুওৱা আচৰণে সঁচাই আমাক এই কথা শিকালে যে পৃথীৱিত ভাল মানুহ এতিয়াও আছে।’