অসম

বন বিষয়াৰ গুণ্ডাৰাজ! ডি এফ অ’ ছাৰৰ আক্ৰমণত ওলাই পৰিল বনকৰ্মীৰ কৃত্রিম চকু, গুৰুতৰভাৱে অসুস্থ…

বনাঞ্চলসমূহ ৰক্ষণাবেক্ষণত দিব নোৱাৰা বন বিষয়াৰ গুণ্ডাৰাজ।

ডি এফ অ’ৰ আক্ৰমণত ওলাই পৰিল বনকৰ্মীৰ কৃত্ৰিম চকু।

তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনৰ সংৰক্ষিত বনাঞ্চলসমূহ ৰক্ষণাবেক্ষণত কৰ্মদক্ষতা প্ৰদৰ্শন কৰিব নোৱৰা ডুমডুমাৰ বিতর্কিত ডি এফ অ’ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীয়ে এগৰাকী বনকৰ্মীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

এখন কাঠৰ গাড়ীক কেন্দ্ৰ কৰি ডি এফ অ’ ভাৰতীয়ে হেমকান্ত হাতীমূৰীয়া নামৰ এগৰাকী বনকৰ্মীক আক্ৰমণ কৰি এটা চকু উলিয়াই দিয়াৰ লগতে কৰ্মীজনৰ বিভাগীয় পোছাক ফালি ছিৰাছিৰ কৰাৰ অভিযোগ উঠিছে।

জানিব পৰা অনুসৰি, ৭ ছেপ্টেম্বৰৰ নিশা ৰঙাজান-মাকুম বাইপাছত ডিগবৈ নাজিৰাটিং ২ নং টকৌৱনি বীটৰ বনকৰ্মী হেমকান্ত হাতীমূৰীয়াসহ কেইজনমান বনকর্মীয়ে পেট্র’লিং দি থকাৰ সময়তে ফিল’বাৰীৰ পৰা কাঠ কঢ়িয়াই অনা এখন গাড়ী ধৰি ডি এফ অ’ ভাৰতীক খবৰ দিয়ে।

ইফালে বাহনখনত অহা যুৱকৰ দলটোৱে কাঠখিনি (প্রায় ১৫ চি এফ টি) প্রধানমন্ত্রী আবাস যোজনাৰ গৃহত ব্যৱহাৰ কৰিবলৈ অনা বুলি বন বিভাগৰ দলটোক ডাবি-হুমকি দি গাড়ীসহ উধাও হয়।

ইয়াতে ক্ষুব্ধ হৈ ডি এফ অ’ ভাৰতীয়ে পেট্ৰ’লিঙত থকা দলটোক ডুমডুমা ডি এফ অ’ৰ কাৰ্যালয়লৈ মাতি পঠিয়ায়।

দলটো উপস্থিত হোৱাৰ লগে লগে ডি এফ অ’ ভাৰতীয়ে তেওঁলোকক উদ্দেশ্যি গালি-গালাজ কৰাৰ লগতে সতীৰ্থৰ সন্মুখতে হেমকান্ত হাতীমূৰীয়াক বেয়াকৈ মাৰধৰ কৰে আৰু পিন্ধি থকা পোছাকযোৰ ফালি পেলায়।

ফলত হাতীমূৰীয়াই ব্যৱহাৰ কৰি থকা এটা কৃত্ৰিম চকু বেয়াকৈ ক্ষতিগ্রস্ত হয়।

হাতীমূৰীয়াক সতীৰ্থসকলে ততাতৈয়াকৈ ডুমডুমা এফ আৰ ইউত ভৰ্তি কৰায়।

Related Articles

Back to top button