fbpx
অসম

বন বিভাগৰ অভিযানত আটক তিনিজনকৈ দুৰ্ধৰ্ষ বাঘ চিকাৰী, দুজন পলাতক…

বন বিভাগৰ অভিযানত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আটক তিনিজন দুৰ্ধৰ্ষ বাঘ চিকাৰী।

আনহাতে দুজন বাঘ চিকাৰী এতিয়াও পলাতক।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানখনত অবৈধ ভাবে বাঘ চিকাৰৰ উদ্দেশ্যৰে প্ৰবেশ কৰিছিল ৫ জনকৈ চিকাৰী।

ইয়াৰ ভিতৰত তিনি জন বাঘ চিকাৰীক বনকৰ্মীয়ে আটক কৰিবলৈ সক্ষম হয়। বাকী দুজন সম্প্ৰতি পলাতক।

আটকাধীন চিকাৰী কেইজন ঢেকীয়াজুলিৰ আজিবুৰ ৰহমান, হাছমত আলী আৰু মহম্মদ এম এল বুলি জানিব পৰা গৈছে।

আনহাতে পলাতক দুজনৰ নাম হৈছে ছাদিকুল আৰু আহাম্মদ।

উল্লেখযোগ্য যে, বিগত চাৰি তাৰিখে বন কৰ্মীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁও ২ নং বচা শিমলু গাঁৱৰ আজিবুৰ ৰহমান নামৰ লোক এজনৰ সন্মুখত পুঁতি থোৱা অৱস্থাত বাঘৰ অৱশিষ্ট উদ্ধাৰ কৰিছিল।

এই ঘটনাৰ পাছতে সন্দেহযুক্ত চোৰাং চিকাৰী কেইজনক অভিযান চলাই বনকৰ্মীৰ দলে আটক কৰে।

Related Articles

Back to top button