
নিউজ ডেস্কঃ ইক’ কেম্পৰ ভিতৰৰ নৈত বৈদ্যুতিক শ্বক আৰু বিহ ব্যৱহাৰ কৰি মৎস চিকাৰৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৭ জন যুৱকক।
কাছাৰ জিলাৰ উধাৰবন্ধ বিধানসভা সমষ্টিৰ ইন্দ্ৰনগৰ গাঁৱত নিৰ্মাণ কৰা বৰাইল ইক’ কেম্পত অবৈধভাৱে মৎস চিকাৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় যুৱক কেইজনক।

ধৃত অভিযুক্ত কেইজনক দুৰ্গা নগৰৰ পঞ্চম খণ্ডৰ জাকিৰ হুছেইন লস্কৰ, দুধপতিল-মধুৰঘাটৰ মুৰাদ হুছেইন লস্কৰ, পানগ্রাম প্রথম খণ্ডৰ সাজাহান লস্কৰ, দুগানগৰ ষষ্ঠ খণ্ডৰ মাৰুক লস্কৰ, প্ৰথম খণ্ডৰ জালাল উদ্দিন, পানগ্ৰাম পঞ্চম খণ্ডৰ চেবুল হোছেইন লস্কৰ আৰু পানগ্ৰাম প্রথম খণ্ডৰ ইকবাল হোছেইন লস্কৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, কাছাৰ বন বিভাগে শেহতীয়াকৈ স্থানীয় নিবনুৱা যুৱক-যুৱতীক কর্মসংস্থাপনৰ সুবিধা প্ৰদান কৰাৰ লগতে ইক’ টুৰিজ্যম বৃদ্ধিৰ বাবে বৰাইল ইক’ কেম্প নিৰ্মাণ কৰিছিল।
উত্তৰ-পূব ভাৰত আৰু দেশৰ অন্যান্য প্ৰান্তৰ পৰা পৰ্যটকক আকৰ্ষণ কৰিবলৈ এই ইক’ কেম্প মুকলি কৰা হৈছিল।

কিন্তু ইক’ পার্ক খোলাৰ প্ৰথম সপ্তাহৰ ভিতৰতে কাছাৰ বন বিভাগ এদল দুষ্কৃতিকাৰীৰ দুষ্কাৰ্যৰ সন্মুখীন হ’বলগীয়া হ’ল।
ইক’ কেম্পত অবৈধভাৱে প্ৰৱেশ কৰি কেম্পৰ ভিতৰৰ নৈত মৎস্য চিকাৰ কৰে সাতজন যুৱকে।

নিৰ্মল পৰিৱেশত কেম্পটো স্থাপন কৰা হৈছিল।
ইয়াৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত খাদ্য গ্রহণ, নাও চলোৱা, সাঁতোৰা, বিনোদনমূলক মাছ ধৰা আদি ব্যৱস্থা আছে।
বিনিময়ত এজন পৰ্যটকৰ প্ৰৱেশ মাচুল আছিল ১ হাজাৰ টকা।

কিন্তু এই সাত দুষ্কৃতিকাৰীয়ে মাছ ধৰাৰ অবৈধ উপায় গ্রহণ কৰে।
কাছাৰ বন বিভাগে তেওঁলোকৰ অবৈধ কার্যকলাপৰ তথ্য লাভ কৰাৰ পাছত অভিযুক্ত কেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।
জানিব পৰা মতে, ৭ অভিযুক্তই বৈদ্যুতিক শ্বক দিয়াৰ উপৰি বিহ ব্যৱহাৰ কৰি মৎস্য চিকাৰ কৰিছিল।